১৫ অক্টোবৰত ঘোষণা হ'ব ADRE ৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল...

অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা লগতে অনাগত ৫ বছৰত ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে,এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল অহা ১৫ অক্টোবৰ বুধবাৰে ঘোষণা কৰা হ'ব। বুধবাৰে দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবচাইটত প্রার্থীসকলে ফলাফলসমূহ লাভ কৰিব।

মুখ্যমন্ত্রী শৰ্মাই লগতে কয় যে, ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা লগতে অনাগত ৫ বছৰত ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। 

লক্ষ্যণীয় যে, মুখ্যমন্ত্ৰী গৰাকীয়ে উৎসৱৰ বতৰৰ পৰিপ্ৰেক্ষিতত বৰপেটাৰ আতচবাজী শিল্পক জীয়াই ৰাখিবলৈও সামাজিক মাধ্যমযোগে ৰাজ্য বাসীলৈ আহ্বান জনায়। সমাগত দিপাৱলীত থলুৱা আতচবাজী ফুটাই ব্যৱসায়ীসকলক উৎসাহিত কৰা উচিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত একাংশ সংগঠনে শব্দহীন দীপাৱলী পালন কৰিবলৈ আহ্বান জনোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে।

ড০ হিমন্ত বিশ্ব শৰ্মা