/asomiyapratidin/media/media_files/2025/09/14/whatsapp-imag-2025-09-14-22-32-35.jpeg)
ডিজিটেল ডেস্কঃদেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ৰাজ্যত ভূঁইকপৰ প্রৱল জোকাৰণি অনুভূত হয়। এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৫.৯ ৰিখটাৰ স্কেল।
ভূমিকম্পৰ পিছতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাইজক যিকোনো ধৰণৰ ক্ষয়-ক্ষতি বা লোকচান তৎকালীনভাৱে খবৰ দিবলৈ জৰুৰী আহ্বান জনায়। যাৰবাবে প্ৰশাসনে মুকলি কৰিছে কেইবাটাও হেল্পলাইন টোল ফ্ৰী নম্বৰ। সেই নম্বৰ কেইটা হৈছে- ১০৭৯ / ১০৭০ / ৯৪০১০৪৪৬১৭ (ৰাজ্যিক জৰুৰীকালীন ব্যৱস্থাপনা কেন্দ্ৰ) আৰু ১০৭৭ (জিলা জৰুৰীকালীন ব্যৱস্থাপনা কেন্দ্ৰ)।
আনহাতে প্ৰাথমিক ক্ষতিৰ প্ৰতিবেদনো জাৰি কৰিছে প্ৰশাসনে:
বিশ্বনাথঃ বিশ্বনাথ আৰু গহপুৰ ৰাজহ চক্ৰৰ কেইবাটাও ঘৰত দেৱাল ফাটি যোৱাৰ খবৰ আহিছে। অৱশ্য়ে কোনো লোক হতাহত বা আহত হোৱাৰ খবৰ পোৱা নাই।
দৰংঃ খাৰুপেটীয়া চহৰৰ বিশাল মেগা মাৰ্টত ভঙা কাঁচৰ খিৰিকী আৰু চিলিং দেখিবলৈ পোৱা গৈছে। কোনো লোক হতাহত বা আহত হোৱা নাই।
হোজাইঃ আমলিপুখুৰী গাঁৱৰ অট্টালিকাৰ দেৱালত সৰু সৰু ফাট দেখা গৈছে। আভ্যন্তৰীণ আৰু বাহিৰৰ দুয়োটা গঠনতে ফাট মেলিছে।
নলবাৰীঃ কেন্দুকুছি গাঁৱৰ নামঘৰ চৌহদৰ ভিতৰত অৱস্থিত এটা কমিউনিটি হলৰ চিলিঙৰ আংশিক ক্ষতি। কোনো লোক হতাহত বা আহত হোৱা নাই।
শোণিতপুৰঃ ঢেকীয়াজুলিৰ বালিশিহা গাওঁত এটা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত, আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰত এটা ষ্ট’ৰহাউছৰ লগতে এটা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত। কোনো লোক হতাহত বা আহত হোৱা নাই।
ওদালগুৰিঃ দণ্ডা চহৰীয়া বালিকা হোষ্টেলৰ চিলিং ভাঙি আহত দুগৰাকী ছাত্ৰী। কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰিত এটা ঘৰৰ চাল ভাঙি যোৱাৰ খবৰ পোহৰলৈ আহিছে।
প্ৰশাসনে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই বুলি নিশ্চিত কৰিছে। পৰিস্থিতিৰ সন্দৰ্ভত নিৰীক্ষণ অব্যাহত আছে, আৰু স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা ইউনিটৰ দলসমূহে ক্ষতিৰ মূল্যায়ন কৰি আছে। ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। লগতে, যিকোনো ক্ষতিৰ বিষয়ে তৎক্ষণাত নিৰ্দিষ্ট জৰুৰীকালীন নম্বৰত জনোৱাৰ বাবে আহ্বান জনাইছে প্ৰশাসনে।