/asomiyapratidin/media/media_files/2025/11/02/fsefsdfdfd-2025-11-02-14-38-18.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ আদিবাসী চাহ শ্ৰমিক সকলৰ নাৰ্য্য প্ৰাপ্তিৰ দাবীত দেওবাৰে নগাঁও জিলাৰ কঠীয়াতলীত ৩ ঘণ্টীয়া ৰাজহুৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ হাতত লয় আদিবাসী ভূমি অধিকাৰ মঞ্চই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-14-31-58.jpeg)
নগাঁও জিলাৰ কঠীয়াতলী অঞ্চলৰ আদিবাসী লোকসকলৰ বিভিন্ন দল সংগঠনৰ লগতে সৰ্বদলীয় প্ৰতিনিধিৰ উপস্থিতিত এই প্ৰতিবাদী কাযসূচী হাতত লয়। অঞ্চলটোৰ বিভিন্ন ঠাইৰ প্ৰায় শতাধিক আদিবাসী লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-imag-2025-11-02-14-37-58.jpeg)
প্ৰতিবাদীকাৰী আদিবাসী লোক সকলে অনুসূচিতকৰণ, দখলিকৃত মাটিৰ ম্যাদী পট্টা দিয়া, ভূমিহীনক ভূমি দিয়া, ৬৬১ টকা চাহ শ্ৰমিকৰ দিয়াৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us