শংকৰদেৱ কলাক্ষেত্রত চাৰিদিনীয়াকৈ ৩১ জানুৱাৰীৰ পৰা সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক অধিৱেশন

অধিৱেশনৰ সকলো কার্য্যসূচীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতীয় সংগঠন, সাহিত্য-সংস্কৃতি আৰু শিক্ষানুষ্ঠানৰ সৈতে জড়িত বিশিষ্ট লোকসকলক ইতিমধ্যে আমন্ত্ৰণ  জনোৱা হৈছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  অসম সাহিত্য সভা দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন  অহা ৩১ জানুৱাৰী আৰু ১,২,৩  ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই অধিৱেশন অনুষ্ঠিত হব গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে উক্ত অধিৱেশন। 

অধিৱেশনৰ সকলো কার্য্যসূচীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতীয় সংগঠন, সাহিত্য-সংস্কৃতি আৰু শিক্ষানুষ্ঠানৰ সৈতে জড়িত বিশিষ্ট লোকসকলক ইতিমধ্যে আমন্ত্ৰণ  জনোৱা হৈছে। 

কাৰ্যসূচী অনুসৰি অধিৱেশনৰ প্ৰথম দিনা ৩১ জানুৱাৰীত পুৱা  ৯.৩০ বজাত মে-ডাম-মে-ফি কাৰ্য্যসূচী, তাৰ পাছত পুৱা ১০.০০ বজাত মূল তোৰণ আৰু বিভিন্ন সমন্বয় ক্ষেত্রৰ শুভ উদ্বোধন কৰিব। ইপিনে দিনৰ ১১.০০ বজাত প্রতিনিধি পঞ্জীয়ন, বিয়লি ৩.০০ বজাত শ্রীশ্রী মাধবদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ২০২৫-২০২৭ কার্যবর্ষৰ চতুর্থ পূর্ণাংগ কার্যনির্বাহক বৈঠক। সেই দিনা সন্ধিয়া ৬.০০ বজাত সাংস্কৃতিক সমাৱেশৰ কাৰ্যসূচী। 

দ্বিতীয় দিনা অৰ্থ্যাৎ ১ ফেব্ৰুৱাৰীত পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন, ৯.১৫ বজাত স্মৃতি তৰ্পণ আৰু ৯.৩০ বজাত শ্বহিদ তৰ্পণ কাৰ্যসূচী। দিনৰ ১১.০০ বজাত অসম সাহিত্য সভাৰ সন্মানীয়  সভাপতিৰ সৈতে ভিন্ন জনগোষ্ঠীৰ সাহিত্য সংগঠনৰ সভাপতিসকলৰ লগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে।ইয়াৰ লগতে দিনৰ ১২.০০ বজাত সাহিত্য উৎসৱৰ অনুষ্ঠান। বিয়লি ৩.০০ বজাত  শ্রীশ্রী মাধবদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত ৰামধেনু  শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।দ্বিতীয় দিনা বিয়লি  ৪.০০ বজাত প্ৰতিনিধি সভা আৰু সন্ধিয়া ৬.০০ বজাত সাংস্কৃতিক সমাৱেশ। 

WhatsApp Image 2026-01-16 at 1.25.15 PM

২ ফেব্ৰুৱাৰী অৰ্থ্যাৎ তৃতীয় দিনৰ কাৰ্যসূচী মতে পুৱা ১০.০০ বজাত  সাহিত্য সভ্যৰ সমাৱেশ (আজীৱন/হিতৈষী/শুভানুধ্যায়ী/পৰম হিতৈষী আৰু পৰম সুহৃদ হিতৈষী) অনুষ্ঠান আছে। বিয়লি ১.০০ বজাত প্ৰথম মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ পাছত বিয়লি ৪.৩০ বজাত 'আকাশ' (মহিলাসকলৰ অনুষ্ঠান) শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সন্ধিয়া ৬.০০ বজাত সাংস্কৃতিক কাৰ্যসূচী। 

অন্তিম অৰ্থ্যাৎ চতুৰ্থ দিনৰ কাৰ্যসূচী  অনুসৰি পুৱা ১০ বজাত অসম জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন অনুষ্ঠিত হ'ব। বিয়লি ১.০০ বজত দ্বিতীয় মুকলি অধিৱেশন। বিয়লি ৩.০০ বজাত  শ্রীশ্রী মাধবদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত কবি সন্মিলন অনুষ্ঠিত হ'ব। সন্ধিয়া ৬.০০ বজাত সাংস্কৃতিক অনুষ্ঠানেৰে অন্ত পৰিব এই কাৰ্যসূচী।

অসম সাহিত্য সভা