/asomiyapratidin/media/media_files/2025/11/26/2-2025-11-26-22-24-05.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত অসম মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত তলত দিয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-22-18-42.jpeg)
উল্লেখ্য যে সমূহ হ'ল- ৰাজ্যিক কেবিনেটে অসমৰ ৬ টা বৃহৎ জনগোষ্ঠী ক্রমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী (আদিবাসী) সম্প্রদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱ সম্পৰ্কত গঠন কৰা মন্ত্ৰীমণ্ডলীৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰাত অনুমোদন জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/images-1-2025-11-26-22-19-14.jpeg)
এই প্রতিবেদন অসম বিধানসভাত দাখিল কৰাৰ পিছত ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্রণালয়লৈ প্ৰেৰণ কৰিব। শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ নেতৃত্বত গঠিত এই তিনিজনীয়া মন্ত্ৰীমণ্ডলীৰ আন দুগৰাকী সদস্য হ'ল জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু তথ্য-প্রযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-22-19-36.jpeg)
ৰাজ্যিক কেবিনেটে খানাপাৰাৰ ৰেচম নগৰস্থিত হস্ততাঁত, বস্ত্র শিল্প আৰু ৰেচম বিভাগৰ অধীনস্থ চৰকাৰী মুগা ফাৰ্মৰ ৩ বিঘা ভূমিৰ হস্তান্তৰৰ প্ৰস্তাৱ সংশোধন কৰি এটা অত্যাধুনিক সংগ্রহালয় স্থাপনৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰকৰণত অনুমোদন জনায়। উল্লেখ্য যে এই সংগ্রহালয়টো অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ সম্পদ, ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শনৰ উদ্দেশ্যে জে এছ ডব্লিউ আই এণ্ড পি হ'ল্ডিংছ প্রাইভেট লিমিটেডৰ সহায়ত নিৰ্মাণ কৰা হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/images-1-2025-11-26-22-19-55.jpeg)
তাৰোপৰি সংগ্ৰহালয়টোত লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ৰ পৰা বৃন্দাবনী বস্ত্র সাময়িকভাৱে আনি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব।
ৰাজ্যিক কেবিনেটে গুৱাহাটীৰ দক্ষিণগাঁওস্থিত অসম জৰীপ আৰু বন্দোৱস্তি প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকলৰ নিযুক্তি, সেৱাৰ চৰ্তাৱলী আৰু পদোন্নতিৰ ব্যৱস্থা নিয়ন্ত্ৰণৰ উদ্দেশ্যে 'অসম জৰীপ আৰু বন্দোৱস্তি প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষকৰ সেৱাবিধি ২০২৫'ত অনুমোদন জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us