Advertisment

ডিজিটেল এৰেষ্টৰ পৰা সাৰি নগ'ল অতিৰিক্ত আৰক্ষী অধীক্ষক...

ডিজিটেল এৰেষ্টৰ চেষ্টা চলোৱা হৈছিল এগৰাকী আৰক্ষীৰ লোকক। মৰিগাঁও থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যলৈ +61 নম্বৰৰ পৰা আহিছিল এটা ফোনক’ল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
2

ডিজিটেল সংবাদ,মৰিগাঁওঃ  সাম্প্ৰতিক সময়ত উদ্বেগজনক অপৰাধ হৈছে চাইবাৰ ক্ৰাইম। অপৰাধ জগতত চাইবাৰ ক্ৰাইমৰ নতুন সংস্কৰণ  হৈছে ডিজিটেল এৰেষ্ট বা অনলাইন এৰেষ্ট। এই ডিজিটেল এৰেষ্টৰ বলি হৈছে আমাৰ ৰাজ্যখনৰ লগতে দেশৰ বহুলোক। ডিজিটেল এৰেষ্টৰ চেষ্টা চলোৱা হৈছিল এগৰাকী আৰক্ষীৰ লোকক। মৰিগাঁও থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যলৈ +61 নম্বৰৰ পৰা আহিছিল এটা ফোনক’ল।

Advertisment

এনে ধৰণৰ ফোন নম্বৰবোৰ সাধাৰণতে চাইবাৰ অপৰাধী সকলে ডিজিটেল এৰেষ্টৰ বাবে ব্যৱহাৰ কৰে। ৰাইজক সজাগ কৰা উদ্দেশ্যে ফোনত হোৱা কথোপকথন খিনি আৰক্ষী গৰাকীয়ে আপলোড কৰি দিছে। আৰক্ষী বিষয়া গৰাকীয়ে জনাই যে, ফোন কৰা অচিনাকী ব্যক্তিজনে তেওঁক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰা ফোন কৰা বুলি কৈছিল। বিষয়া গৰাকী হায়দৰাবাদৰ কোনোবা এটা স্থানলৈ যোৱা বুলিও কয়। 

লগতে কয় যে, মোৰ পান কাৰ্ডৰ বিপৰীতে ঋণ এটা দিয়া হৈছিল আৰু সেই ঋণ পৰিশোধ নকৰা কাৰণে হেনো মোৰ ওপৰত গোচৰ ৰুজু হ'ব আৰু মোৰ সকলো নথি-পত্ৰ যেনে পান, আধাৰ, বেংক একাউন্ট আদি সকলো ব্লক কৰা হ'ব বুলি ক'লে। ৰিজাৰ্ভ বেংকৰ অফিচাৰ বুলি মোৰ লগত কথা পতাজনৰ সৈতে মই একো নজনা ভাও ধৰি সুধিলো যে মই এতিয়া কি কৰিব লাগিব।

তেতিয়া ক'লে যে মোৰ বিৰুদ্ধে হায়দৰাবাদ পুলিচ ষ্টেচনত কেছ ৰেজিষ্টাৰ হৈছে আৰু আপুনি হায়দৰাবাদ পুলিচ ষ্টেচনৰ লগত কথা পাতিব লাগিব আৰু সেই সময়ত মোৰ ক’লটো ট্ৰেন্সফাৰ কৰি দিলে। তেতিয়া ধমকিৰ সুৰত হায়দৰাবাদ পুলিচ ষ্টেচনৰ মানুহ বুলি এজনে মোৰ লগত কথা পাতিলে। ময়ো এজন ভুক্তভোগী হিচাপে কথাখিনি পাতি তেওঁনো কি জানিব বিচাৰিছে এইবোৰ সুধিলোঁ। তেতিয়া সিফালৰ পৰা ক'লে যে মোৰ নামত গোচৰ ৰুজু হৈছে আৰু মই দুঘণ্টাৰ ভিতৰতে হায়দৰাবাদ পুলিচ ষ্টেচন গৈ পাব লাগে। যদি মই গৈ নাপাওঁ তেন্তে মোক ইয়াৰ পৰাই এৰেষ্ট কৰা হ'ব আৰু মোৰ নামত এখন এৰেষ্ট ৱাৰেণ্ট (Arrest Warrant) ওলাইছে।

এই কথোপকথনৰ মাজতে কয় যে যদি ভুক্তভোগী হায়দৰাবাদত গৈ সোঁ-শৰীৰেৰে ষ্টেটমেন্ট দিব নোৱাৰে তেন্তে অনলাইন ভিডিঅ' কলৰ জৰিয়তে সংস্পৰ্শত অহাৰ উপদেশ দিয়ে। তেওঁৰ ৱাটাচ আপ নাথাকিলে অন্যৰ নম্বৰেৰে হ'লেও অনলাইন আহিবলৈ কয়। বহু কথোপকথনৰ পাছত আৰক্ষী বিষয়া গৰাকীয়ে ফোনটো কাটি দিয়ে।

এই ঘটনাৰ পাছতে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সমগ্ৰ বিষয়টো সামাজিক মাধ্যমত উল্লেখ কৰে সমীৰণ বৈশ্যই। লগতে তেওঁ কয় যে, কেতিয়াবা কাষ্টমাৰ কেয়াৰৰ পৰা ফোন অহা বুলিও কয় অপৰাধীয়ে। আপোনাৰ নামত পাৰ্ছেল এটা বেলেগ দেশলৈ গৈছিল য'ত ড্ৰাগছ পোৱা গৈছে বুলি কয়। কেতিয়াবা চিবিআইৰ পৰা, কেতিয়াবা কোনো বেংকৰ পৰা, কেতিয়াবা মুম্বাই পুলিচৰ পৰা ক’ল কৰা বুলি মানুহক ভয় দেখুৱায়।

+22, +33,+66, +62 আদি নম্বৰৰ পৰা কোনো ফোনক’ল আহিলে ৰিচিভ নকৰিবলৈ আৰু এনেবোৰ ফোনকলক প্ৰশ্ৰয় নিদিবলৈ ৰাইজক আহ্বান জনাই সমীৰণ বৈশ্যই। 

ডিজিটেল এৰেষ্ট