/asomiyapratidin/media/media_files/2025/09/13/gddfdfdfdf-2025-09-13-20-50-32.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ আদৰ্শ বিদ্যালয় সংগঠন অসমৰ সপোনৰ প্ৰকল্পক কলংকিত কৰি এগৰাকী অধ্যক্ষ এইবাৰ ৰঙাঘৰৰ আলহী হ'ল। সীমাহীন দুৰ্নীতি অনিয়ম স্বেচ্ছাচাৰীৰাজ চলাই আদৰ্শ বিদ্যালয় ঘিলামৰাক পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰা এইজন দাম্ভিক অধ্যক্ষ হ'ল লক্ষ্য জ্যোতি হাজৰিকা।
ঘিলামৰা সদৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা স্থাপিত জিলাখনৰ একমাত্ৰ ইংৰাজী মাধ্যমৰ চি বি এছ ই পাঠ্যক্ৰমৰ শিক্ষানুষ্ঠান আদৰ্শ বিদ্যালয় ঘিলামৰাৰ বহু বিতৰ্কিত অধ্যক্ষ হাজৰিকাক ঘিলামৰা আৰক্ষীয়ে শনিবাৰে তলব কৰিছে।
ঘিলামৰা আৰক্ষী থানাত ইতিমধ্যে "অগ্ৰীম পঞ্জীভূত" গোচৰৰ ভিত্তিত শনিবাৰে ঘিলামৰা আৰক্ষীয়ে বিদ্যালয়ত উপস্থিত হৈ সোধা পোছা কৰাৰ লগতে ঘিলামৰা থানাত বিয়লি ২ বজাত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে।
আৰক্ষীৰ নিৰ্দেশনা মানি অধ্যক্ষ হাজৰিকাই অকলে আৰক্ষীৰ সন্মুখত ঘিলামৰাৰ ৪ গৰাকী অভিভাৱক ক্ৰমে ৰাতুল গগৈ ,ব্ৰজেন বৰুৱা ,প্ৰদীপ চাংমাই আৰু শিৱ বৰাক লগত লৈ উপস্থিত হয় থানাত। সমান্তৰালভাৱে থানাত উপস্থিত হয় গোচৰীয়া বিদ্যালয়খনৰ গাণনিক অজিত ৰয়।
গোচৰীয়া ৰয়ৰ এজাহাৰত উল্লেখ থকা মতে, বিগত ৭ ছেপ্টেম্বৰত অধ্যক্ষৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিভাগৰ কাম কৰিবলৈ অধ্যক্ষৰ জিম্মাত থকা কিছু নথি পত্ৰ বিচাৰে গাণনিক আৰু নিম্নবৰ্গৰ সহায়ক ৰয়ে। কিন্তু অধ্যক্ষ লক্ষ্য জ্যোতি হাজৰিকাই গাণনিক গৰাকীক নানা কটু কথাৰে গালি গালাজ কৰি তিৰস্কাৰ কৰাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।
তাৰোপৰি যোৱা ৮ ছেপ্টেম্বৰতো পুনৰ ৪গৰাকী বিশেষ অভিভাৱকৰ সন্মুখত ৰয়ক অভদ্র ভাষাৰে গালি গালাজ কৰি ৰাজহুৱাকৈ সন্মান হানি কৰে লক্ষ্য জ্যোতি হাজৰিকাই। নিজৰ কৰ্মথলীৰ এগৰাকী মুৰব্বীৰ জড়িয়তে যিকোনো সময়তে প্ৰাণ নাশৰ ভাবুকি পাই মানসিক নিৰ্যাতনৰ বলি হোৱা গাণনিক গৰাকীয়ে নিৰাপত্তাহীনতাত ভোগী ঘিলামৰা থানাত গোচৰ তৰে যোৱা ৭ ছেপ্টেম্বৰত।
সেই গোচৰৰ ভিত্তিতে অধ্যক্ষজনক ঘিলামৰা আৰক্ষীয়ে তলব কৰি জেৰা আৰম্ভ কৰিছে । ঘিলামৰাৰ শৈক্ষিক জগতত কালিমা সানি দুৰ্নীতিৰ মুকলি বেহা মেলাৰ ৰাজহুৱা অভিযোগ উঠা এইজন অদক্ষ অধ্যক্ষই গাণনিক গৰাকীক ভয় ভাবুকি ব্যতিব্যস্ত কৰি অভীষ্ট সিদ্ধিৰ ফন্দি পতা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, বিদ্যালয়খনৰ গাণনিক অজিত ৰয়ক নীতি বৰ্হিভূতভাবে বিত্তীয় কাম কাজ কৰিবলৈ প্ৰবল হেঁচা দিয়াৰ লগতে আদৰ্শ বিদ্যালয় সংগঠনৰ নীতি পৰিপন্থী বিত্তীয় লেন-দেন কৰিবলৈ উপৰ্যুপৰি হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
ইতিপূৰ্বে বিদ্যালয়ৰ বিপৰীতে আবন্তিত পুঁজি ব্যাপক অপচয় কৰি বিভাগীয় উচ্চ পৰ্যায়ৰ তদন্তৰ সন্মুখীন হোৱা এইগৰাকী দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ হাজৰিকাৰ লগতে ২ গৰাকী কৰ্মচাৰীৰ বেতন পৰ্যন্ত বন্ধ কৰি ৰাখিছিল আদৰ্শ বিদ্যালয় সংগঠন অসমে ।
বিদ্যালয়ৰ বিপৰীতে আৱণ্টিত মধ্যাহ্ন ভোজন শিতানৰ পুঁজি ,বিদ্যালয় উন্নয়ন পুঁজি আদিৰ বিপৰীতে ভয়ঙ্কৰ বিত্তীয় কেলেংকাৰীৰ সূত্ৰপাত ঘটোৱা অধ্যক্ষ হাজৰিকাই শেহতীয়াভাবে চলেৰে নোৱাৰি বলেৰে, ভয় ভাবুকিৰে গাণনিক গৰাকীক দমন কৰিবলৈ গ্ৰহণ কৰা এনে অবিবেচকী কাণ্ডই ঘিলামৰাত প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে।
ঘিলামৰাৰ শৈক্ষিক ইতিহাসত কালিমা সনা অধ্যক্ষৰ এই দাম্ভিক আচৰণ সন্দৰ্ভত আৰক্ষীৰ তদন্তই কি ৰূপ লয় সেয়া অনাগত সময়ত লক্ষণীয় হব। এইক্ষেত্ৰত ৰজাঘৰ আৰু প্ৰজাঘৰৰ এক সুবিধাভোগী চক্ৰৰ নির্লজ ভূমিকায়ো ঘিলামৰাবাসী সচেতন মহলক স্তম্ভিত কৰিছে। পৰৱৰ্তী সময়ত এই সকলোবোৰ পোহৰলৈ আহিব।