অধ্যক্ষ লক্ষ্যজিৎ হাজৰিকাক নাকী লগাব কোনে? অতিৰিক্ত আয়ুক্তৰ নিৰ্দেশকো দেখুৱাইছে বুঢ়া আঙুলি...

আদৰ্শ বিদ্যালয় সংগঠন অসমৰ ইতিহাসত এজন কলংকিত অধ্যক্ষ হিচাবে পৰিচিত হোৱা ঘিলামৰা আদৰ্শ বিদ্যালয়ৰ লক্ষ্যজিৎ হাজৰিকাৰ দৌৰাত্ম্য অব্যাহত আছে ঘিলামৰাত।

author-image
Tushar Pratim
New Update
ghilamara 07

ডিজিটেল সংবাদ, ঢকুৱাখনা: আদৰ্শ বিদ্যালয় সংগঠন অসমৰ ইতিহাসত এজন কলংকিত অধ্যক্ষ হিচাবে পৰিচিত হোৱা লক্ষ্যজিৎ হাজৰিকাৰ দৌৰাত্ম্য অব্যাহত আছে ঘিলামৰাত। দুৰ্নীতিগ্ৰস্ত, অৰ্থলোভী, চৰকাৰী নীতি-নিৰ্দেশ নমনা ঘিলামৰা আদৰ্শ বিদ্যালয়ৰ অদক্ষ অধ্যক্ষ হাজৰিকাৰ নেতৃত্বত লখিমপুৰ জিলাখনৰ একমাত্ৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অধীনৰ এইখন বিদ্যালয়খনত সংঘটিত হোৱা চৰকাৰী পুঁজি গোগ্ৰাখে উদৰস্থকৰণৰ তথ্য পোহৰলৈ অহাৰ পাছত লক্ষ্যজিৎ হাজৰিকাৰ বিৰুদ্ধে উত্থাপিত হৈছে তথ্য জনাৰ অধিকাৰ আইন উলংঘাৰ অভিযোগ।

বৃহত্তৰ ঢকুৱাখনাৰ শৈক্ষিক ইতিহাসত কলংকিত অধ্যক্ষ হিচাবে পৰিগণিত হোৱা হাজৰিকাই ঘিলামৰাৰ কেইজনমান সুবিধাবাদী ব্যক্তিক ভৃত্য কৰি অদ্যপি চলাই গৈছে দুৰ্নীতি অনিয়মৰ কলা বেপাৰ। ৰাইজ, সংগঠন, সংবাদ মাধ্যমৰ একাংশক কাবু কৰি দৌৰাত্ম্য চলোৱা এইজন দুৰ্নীতিপৰায়ন অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছে তথ্য জনাৰ অধিকাৰ আইন উলংঘাৰ গুৰুতৰ অভিযোগ। 

বিদ্যালয়খনক পৈত্রিক সম্পত্তি গণ্য কৰি অহা এইজন অধ্যক্ষৰ দুৰ্নীতি আৰু বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে আদৰ্শ বিদ্যালয় সংগঠনৰ তৰফৰ পৰা উচ্চ পৰ্যায়ৰ তদন্ত চলি থকাৰ সময়তে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সম্পাদক লিখন খাটনিয়াৰে মুঠ ৪টা স্পৰ্শকাতৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱা ২ এপ্ৰিলত জিলা আয়ুক্তৰ কাৰ্য্যালয়ত তথ্য বিচাৰি বিধিগত ভাবে আবেদন কৰিছিল। উক্ত আবেদনৰ ভিত্তিত অধ্যক্ষগৰাকীয়ে যোৱা ৩০ এপ্ৰিলত আধৰুৱা ক্ৰুটিপূৰ্ণ আৰু দায়সৰা উত্তৰ প্ৰদান কৰাত পুনৰ  আবেদনকাৰী খাটনিয়াৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত যোৱা ৩ জুনত পূৰ্ণাংগ উত্তৰ বিচাৰি আবেদন কৰে। 

পৰৱৰ্তী সময়ত জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্তই উভয় পক্ষক কাৰ্য্যালয়লৈ মাতি নি আবেদনকাৰীক শীঘ্ৰে বিচৰা তথ্য যোগান ধৰাৰ বাবে লক্ষজিৎ হাজৰিকাক নিৰ্দেশ দিয়ে। কিন্তু নিজৰ লুণ্ঠনকাৰী চৰিত্ৰ তথ্যসহ পোহৰলৈ অহাৰ ভয়ত ত্ৰস্তমান হৈ হাজৰিকাই আজি প্ৰায় তিনি মাহে আবেদনকাৰীক উক্ত তথ্য যোগান ধৰা নাই। 

প্ৰথম শুনানী কালত জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্তই দিয়া নিৰ্দেশৰ ভিত্তিত আবেদনকাৰী খাতনিয়াৰে যোৱা ২৬ ছেপ্তেম্বৰত বিদ্যালয়ত উপস্থিত হৈ তথ্যসমূহ বিচাৰে অধ্যক্ষক। কিন্তু এইজন কাণ্ডজ্ঞানহীন অধ্যক্ষই এইবাৰো তথ্য প্ৰদান নকৰি বিদ্যালয়ৰ সহ-সমন্বয়ক, সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিত্রাবৃন্দা গগৈক অযথা সাঙুৰি বেপৰোৱা স্থিতি লয়। 

আবেদনকাৰীগৰাকীয়ে চক্ৰ বিষয়াগৰাকীক সাক্ষাৎ কৰি এই সমস্ত কথা অৱগত কৰাত কাৰ্যবাহী দণ্ডাধীক্ষ তথা বিদ্যালয়খনৰ সহ-সমন্বয়ক গগৈয়ে ফোনযোগে অধ্যক্ষক বিচৰা তথ্য প্ৰদানত তেওঁক সাঙুৰি লোৱা কাৰ্যক কঠোৰ সকীয়নী দি তথ্য প্ৰদানৰ নিৰ্দেশ দিয়ে। কিন্তু ইমানৰ পাছতো চৰকাৰী পুঁজি উদৰস্থ কৰাত সিদ্ধহস্ত হাজৰিকাই নিজৰ উলংগ স্বৰূপ উন্মোচিত হোৱাৰ ভয়ত বহু তৰল কাৰণ দৰ্শাই তথ্য প্ৰদানৰ পৰা বঞ্চিত কৰে খাটনিয়াৰক। 

বিগত প্ৰায় ৭ মাহে আবেদনকাৰীক বিচৰা তথ্য যোগান নধৰি সমস্ত কেলেংকাৰী গাপ দিয়াৰ কৌশল গ্ৰহণ কৰা মতলবী অধ্যক্ষজনৰ এনে বেপৰোৱামী আৰু আৰ টি আই আইনক ধোঁৱা চাঙত তোলা দুষ্কাৰ্যৰ বিৰুদ্ধে পুনৰ বিধিগত প্ৰক্ৰিয়া গ্ৰহণ কৰি যোৱা ৪ অক্টোবৰত আবেদনকাৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষক অৱগত কৰিছে। আইন অৱমাননাৰে জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত, বিদ্যালয়খনৰ সহ-সমন্বয়কৰ নিৰ্দেশলৈ আঙ্গুষ্ঠ প্ৰদৰ্শন কৰি দৌৰাত্ম্য চলাই যোৱা অকমন্য অধ্যক্ষ লক্ষজিৎ হাজৰিকাৰ বিৰুদ্ধে আদৰ্শ বিদ্যালয়ৰ ৰান্ধনী গৃহ নিৰ্মাণ শ্ৰমিকৰ প্ৰাপ্য পুঁজি প্ৰদান নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 

বিদ্যালয়ৰ ৰান্ধনী গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো পৰ্য্যাপ্ত পুঁজি মজুত নথকাৰ দোহাই দি খতিখোৱা শ্ৰমিকসকলক প্ৰাপ্য পুঁজি প্ৰদান নকৰি অধ্যক্ষজনে প্ৰবঞ্চনা কৰাৰো অভিযোগ উঠিছে। তাৰোপৰি বিদ্যালয়ত পৰিবেশ দিৱসত ৰোপণ কৰিবলৈ অনা বৃহৎ সংখ্যক গছপুলি ৰোপণ নকৰি বিদ্যালয়ৰ ভিতৰতে দায়িত্বহীন ভাবে পেলাই অৱশেষত মৰাৰ পাছত হাবিলৈ নিক্ষেপ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাবকে। 

ঘিলামৰাৰ একাংশ মুষ্টিমেয় সুবিধাভোগীৰ চত্ৰছাঁয়াত উঠি ৰজা, বহি ৰজা হোৱা এইজন দুৰ্নীতি পৰায়ন অধ্যক্ষৰ কৰাল গ্ৰাসৰ পৰা শিক্ষানুষ্ঠানখনক উদ্ধাৰ কৰাত সামাজিক সংগঠন, শিক্ষাসদী ৰাইজেও গ্ৰহণ কৰি আহিছে মৌন ভূমিকা। এচাম স্বাৰ্থপৰ মেৰুদণ্ডহীন ব্যক্তিৰ অপৰিপক্ক ভূমিকাৰ নিৰ্মম পৰিণতিত অচিৰেই ইংৰাজী মাধ্যমৰ এইখন আদৰ্শ বিদ্যালয়লৈ বিপদ নামি অহাৰ আশঙ্কা প্ৰবল হৈ পৰিছে। 

এই সুবিধাবাদী কেইজনৰবাদে গৰিষ্ঠ সংখ্যক ঘিলামৰাবাসীয়ে বিচাৰে এইজন অকমন্য অধ্যক্ষক আঁতৰাই এজন সৎ, নিকা ভাৱমূৰ্তিৰ অধ্যক্ষক নিযুক্তিৰে শিক্ষানুষ্ঠানখনক পুনৰ উজীৱিত কৰি তোলক শিক্ষা বিভাগে। 

ঢকুৱাখনা ঘিলামৰা