গোলাঘাটৰ আদৰ্শ গমাৰি পঞ্চায়তত জলজীৱন মিছনৰ "জল বৈঠক"সম্পন্ন

গোলাঘাট জিলাৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ আদৰ্শ গমাৰি পঞ্চায়তৰ সভাগৃহত গোলাঘাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়তৰ সহযোগত আজি জলজীৱন মিছনৰ এখন জল বৈঠক অনুষ্ঠিত হয়

author-image
Tushar Pratim
New Update
গোলাঘাটৰ আদৰ্শ গমাৰি পঞ্চায়তত জলজীৱন মিছনৰ "জল বৈঠক"সম্পন্ন

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত আদৰ্শ গমাৰি পঞ্চায়তৰ সভাগৃহত গোলাঘাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়তৰ সহযোগত আজি জলজীৱন মিছনৰ এখন জল বৈঠক অনুষ্ঠিত হয়। আদৰ্শ গমাৰি পঞ্চায়তৰ সভানেত্ৰী হিৰণ্যময়ী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে এছ অ' ৰাতুল দাসে।

সভাত জল জীৱন মিছন আঁচনিৰ সফল ৰূপায়নৰ দিশত গুৰুত্বপূৰ্ণ আলোচনা আৰু পঞ্চায়ত পৰ্যায়ৰ এখন সমিতি গঠন কৰে। এই সভাত জনস্বাস্থ্য কাৰাকৰী বিভাগৰ সমন্বয়ক বিশ্বজিত গগৈ, চি ডব্লিউ চি ভূপতি ভূষন বৰা, এছ অ’ ৰাতুল দাস, আঞ্চলিক পঞ্চায়তৰ সদস্যা মানবিকা পেগু দলে, পানী উপভোক্তা সমিতিৰ সভাপতি সম্পাদকসকল, জলমিত্ৰ, আশাকৰ্মী, গাঁও প্ৰধানৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। সভাৰ আঁত ধৰে আদৰ্শ গমাৰি পঞ্চায়তৰ সচিব শমিষ্ঠা দেৱীয়ে।  

জল জীৱন মিচন