পৰিধি বাঢ়িল আদানী গ্ৰুপৰ! এইবাৰ জেট বিমান প্ৰস্তুতকৰণৰ ক্ষেত্ৰখনত দিলে ভৰি...

বৃদ্ধি পালে দেশ তথা বিশ্বৰ প্ৰভাৱশালী আদানী গোষ্ঠীৰ পৰিধি। বিমান প্ৰস্তুতকৰণৰ ক্ষেত্ৰখনত সবল খোজ থলে আদানী গ্ৰুপে। এতিয়াৰে পৰা ভাৰতত আদানী গ্ৰুপে প্ৰস্তুত কৰিব অত্যাধুনিক বিমান আৰু ইয়াৰ যাৱতীয় সা-সজুঁলিসমূহ।  

author-image
Asomiya Pratidin
New Update
hdhhdd

ডিজিটেল ডেস্কঃ বৃদ্ধি পালে দেশ তথা বিশ্বৰ প্ৰভাৱশালী আদানী গোষ্ঠীৰ পৰিধি। বিমান প্ৰস্তুতকৰণৰ ক্ষেত্ৰখনত সবল খোজ থলে আদানী গ্ৰুপে। এতিয়াৰে পৰা ভাৰতত আদানী গ্ৰুপে প্ৰস্তুত কৰিব অত্যাধুনিক বিমান আৰু ইয়াৰ যাৱতীয় সা-সজুঁলিসমূহ।  

ব্ৰাজিলৰ  বিমান নিৰ্মাতা কোম্পানী এম্ব্ৰায়াৰ আৰু আদানি ডিফেন্স এণ্ড এৰ’স্পেছে শেহতীয়াকৈ বিমান নিৰ্মাণৰ সুবিধা স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই  কথা আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ সঞ্চালক জীত আদানীয়ে ৰাজহুৱা কৰি কয় যে,  এই সহযোগিতাই দেশত এক বিমান পৰিবহন ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পেলাব। 
প্ৰণিধানযোগ্য যে, ভাৰতত স্থাপন হ’ব এইটোৱেই প্ৰথম বাণিজ্যিক বিমানৰ নিৰ্মাণৰ আন্তঃজাৰ্তিক প্ৰকল্প।  এম্ব্ৰায়াৰ কমাৰ্চিয়েল এভিয়েচনৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া অৰ্জন মেইজাৰৰ সৈতে অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ কৰে জীত আদানীয়ে। 
 আদানী ডিফেন্স এণ্ড এৰ’স্পেচৰ সঞ্চালক জীত আদানীয়ে লগতে কয় যে, “এই বুজাবুজি চুক্তিৰ জৰিয়তে কোম্পানীসমূহে বিমান নিৰ্মাণ, আফটাৰমাৰ্কেট সেৱা, আৰু পাইলট প্ৰশিক্ষণৰ সুযোগসমূহৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য লৈছে। এই উদ্যোগ স্থাপনৰ বাবে দেশৰ বহুকেইটা স্থান আদানী গ্ৰুপে পৰিদৰ্শন কৰাৰ কথাও কয়। অচিৰেই এই স্থান  চূড়ান্ত হ'ব বুলিও সদৰি কৰে জীত আদানীয়ে।
উল্লেখ কৰিব লাগিব যে,  আমেৰিকাত এম্ব্ৰায়াৰে ফ্ল’ৰিডাৰ মেলবৰ্ণত  ব্যৱসায়িক জেট বিমানত গুৰুত্ব আৰোপ কৰি বহুকেইটা প্ৰকল্পৰ কাম কৰি আছে। শেহতীয়াকৈ যুজাঁৰু বিমান নিৰ্মাণ ক্ষেত্ৰখনতো কাম কৰি আছে এমব্ৰায়াৰে। 
গৌতম আদানী গৌতন আদানী