অভিনেত্ৰী-সাংসদ নুছৰত জাহান-নিখিল জৈনৰ বৈবাহিক সম্পৰ্ক বৈধ নহয়! কলকাতা ন্যায়ালয়ে সাংসদগৰাকীৰ বিবাহ বিতৰ্কক দিলে নতুন মূৰ….

অভিনেত্ৰী-সাংসদ নুছৰত জাহান-নিখিল জৈনৰ বৈবাহিক সম্পৰ্ক বৈধ নহয়! কলকাতা ন্যায়ালয়ে সাংসদগৰাকীৰ বিবাহ বিতৰ্কক দিলে নতুন মূৰ….

ডিজিটেল ডেস্কঃ বিবাহ বিতৰ্কই গৰম কৰিছে পশ্চিমবংগৰ ৰাজনীতি। অভিনয় অথবা ৰাজনৈতিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে নহয়, বিবাহৰ বাবেহে চৰ্চিত হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহান। অভিনয় ক্ষেত্ৰৰ পৰা আহি ৰাজনৈতিক পথাৰত ভৰি দিয়া নুছৰত জাহান তৃণমূল কংগ্ৰেছৰ সাংসদ। এইগৰাকী সাংসদ বিবাহপাশত আবদ্ধ হৈছিল নিখিল জৈনৰ লগত। পিছে তেওঁলোকৰ এই বৈবাহিক বান্ধোনক অবৈধ আক্ষা দিছে কলকাতাৰ আদালতে। আদালতে কৈছে নুছৰত জাহান আৰু নিখিল জৈনৰ বিবাহ আইনগতভাৱে বৈধ নহয়।

মনকৰিবলগীয়া যে নুছৰত জাহান আৰু নিখিল জৈনে প্ৰায় তিনি বছৰ আগতে ২০১৯ চনত তুৰ্কীত বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছত দুয়োজনৰ মাজৰ ব্যৱধান বৃদ্ধি পাইছিল। দুয়োগৰাকী পৃথকে পৃথকে থকাৰ খবৰো প্ৰকাশ পাইছিল। চলিত বৰ্ষৰ জুন মাহত নুছৰত জাহানে দাবী কৰিছিল যে তেওঁৰ আৰু নিখিল জৈনৰ লিভ-ইন ৰিলেছনশ্বিপত আছিল। বিবাহ পাশত আবদ্ধ হোৱা নাছিল। তেওঁ কৈছিল, আমি তুৰ্কীআইন অনুসৰি বিবাহ পাশত আৱদ্ধ হৈছিলো, যিটো ইয়াত (ভাৰতত) অবৈধ।

২২ জুনত, সাংসদ আৰু অভিনেত্ৰী নুছৰত জাহানে দাবী কৰিছিল যে নিখিল জৈনৰ সৈতে তেওঁৰ বিবাহ ভাৰতত বৈধ নহয়। তেওঁ কৈছিল, তেওঁলোকৰ কেৱল লিভ-ইন সম্পৰ্ক আছিল আৰু বহু আগতে দুয়ো পৃথক হৈছিল। ২০১৯ চনত তুৰ্কীত ব্যৱসায়ী নিখিল জৈনৰ সৈতে বিবাহ সম্পন্ন হৈছিল নুছৰতৰ। যি বৈবাহিক সম্পৰ্ক ভাৰতত বৈধ নহয়।

উল্লেখ্য যে নুছৰত জাহান এই বছৰৰ ২৫ আগষ্টত মাতৃ হৈছিল। তেওঁ এটা পুত্ৰসন্তান জন্ম দিছিল। ইয়াৰ পিছতে নুছৰতৰ সন্তানক লৈও ৰাজনৈতিক পথাৰ গৰম হৈছিল। বিৰোধীয়ে নুছৰতক তুচ্ছ-তাৎচিল্ল্য কৰিছিল। অৱশ্যে দেশৰ বহুতেই নুছৰতৰ কাষত থিয় দিছিল। ইয়াৰ পিছতে নুছৰতে প্ৰকাশ কৰিছিল নিখল জৈনৰ সৈতে বিবাহ সম্পন্ন কৰাৰ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in