/asomiyapratidin/media/media_files/2025/09/17/whatsapp-image-2-2025-09-17-21-02-35.jpeg)
ডিজিটেল ডেস্কঃ মোহময়ী অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহত গুলীচালনা কৰা দুই অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছে। এই এনকাউণ্টাৰত দুয়োজন অভিযুক্ত নিহত হৈছে। বুধবাৰে গাজিয়াবাদৰ টেকন’ চিটিত উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে এনকাউণ্টাৰ কৰা অভিযুক্ত দুজনক ৰবীন্দ্ৰ (ৰোহটক) আৰু অৰুণ বুলি চিনাক্ত কৰা হৈছে।
খবৰ অনুসৰি, অভিযুক্ত ৰোহিত গোদাৰা-গোল্ডি ব্ৰাৰ গেঙৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। এছটিএফৰ দলটোৱে সেই স্থানৰ পৰা এটা গ্লক, এটা জিগানা পিষ্টল আৰু বহু পৰিমাণৰ গুলী উদ্ধাৰ কৰিছে।
উল্লেখযোগ্য যে, ১২ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত বৰেলিৰ চিভিল লাইনছ অঞ্চলত দিশা পাটানীৰ পৰিয়ালৰ ঘৰৰ বাহিৰত মটৰ চাইকেলত অহা দুজন অচিনাক্ত দুষ্কৃতিকাৰীয়ে ৮-১০ ৰাইণ্ড গুলীচালনা কৰিছিল। আৰক্ষীৰ মতে, পুৱা প্ৰায় ৩:৪৫ বজাত এই গুলীচালনা সংঘটিত হৈছিল। অৱশ্যে এই গুলীচালনাত কোনো লোক আহত হোৱা নাছিল।
ইফালে, দিশা পাটানীৰ পিতৃ জগদীশ সিং পাটানীয়ে (অৱসৰপ্ৰাপ্ত ডি এছ পি) এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰী যোগীয়ে তেওঁক সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰি বিষয়টো অনতিপলমে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।