/asomiyapratidin/media/media_files/2025/09/26/433-2025-09-26-10-44-37.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : শংকৰী সংস্কৃতিৰ এগৰাকী একচিত্ৰ সাধক, সুনিপুন অভিনেতা, পশ্চিম মাছখোৱা এছ চি মজলীয়া বিদ্যালয় সহকাৰী শিক্ষক বিৰেন্দ্ৰ সূত আৰু নাই । বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭-০০ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত সূতে শেষ নিশ্বাস ত্যাগ কৰে।
ঢকুৱাখনা নগৰৰ আমোলাপট্টি নিবাসী সূতৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৫৫ বছৰ । পত্নী হিৰণ্য বৰুৱা সূত, দুই পুত্ৰ আৰু অগণন ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি যোৱা মিষ্টভাষী সূতৰ আকস্মিক বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে যোৱা বুধবাৰে সূত আকস্মিকভাৱে জ্বৰত আক্ৰান্ত হোৱাত ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়া হৈছিল ।
স্বাভাৱিকভাৱেই চিকিৎসালয়লৈ গৈ চিকিৎসা কৰি থকা অৱস্থাতে বৃহস্পতিবাৰে বিয়লি স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি সমাজপ্ৰাণ ব্যক্তিগৰাকীৰ অকাল বিয়োগ ঘটে । শিক্ষকতাৰ লগতে সৃষ্টিশীল সামাজিক কামত নিবিড়ভাৱে জড়িত সদ্য প্ৰয়াত সূত ঘাহি গাঁও ভাস্কৰ নাট্য মন্দিৰ ,আমোলাপট্টি হৰিমন্দিৰ সমিতি , ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনী ,জিলা কৰ্মচাৰী পৰিষদ আদি বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত আছিল ।
নিয়মানুৱৰ্তী সূতৰ আকস্মিক বিয়োগত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া, সম্পাদক সুনীল দত্ত , প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰ ,সম্পাদক প্ৰশান্ত হাজৰিকা ,পশ্চিম মাছখোৱা এছ চি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল বৰঠাকুৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত হাজৰিকা ,আমোলাপট্টি হৰি মন্দিৰ পৰিচালনা সমিতি আদি বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰে আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে ।
উল্লেখযোগ্য যে নীতিনিষ্ঠ শিক্ষাগুৰু গৰাকীৰ অকাল বিয়োগত মর্মাহত কৰ্মথলী বিদ্যালয় পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰি শুক্ৰবাৰে অনুষ্ঠিত হব লগা পৰীক্ষা বাতিল কৰে আৰু এক শোকসভা অনুষ্ঠিত কৰে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত হাজৰিকা ,প্ৰধান শিক্ষক অতুল বৰঠাকুৰ , সকলো সহকৰ্মী শিক্ষক ,শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা শোক সভাত শিক্ষাগুৰু গৰাকীৰ গুনানুকীৰ্তন কৰি মৌন প্ৰাৰ্থনা কৰে ।
বিদ্যালয় পৰিয়ালে সদ্য প্ৰয়াত শিক্ষাগুৰু গৰাকীৰ বিদেহ পবিত্ৰ আত্মাই পৰলোকত শান্তিৰে বাস কৰাৰ প্ৰাৰ্থনা জনায় প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে পুষ্পমাল্য প্ৰদান কৰে ।