তিহাৰ জে'লত আত্মসমৰ্পণ ৰাজপাল যাদৱৰ

বলীউডৰ অভিনেতা ৰাজপাল যাদৱক সকলোৱে চিনি পায়। চলচ্চিত্ৰ জগতৰ প্ৰতিটো চৰিত্ৰত দুৰ্দান্ত প্ৰদৰ্শন কৰা অভিনেতা গৰাকীয়ে নিজৰ কেৰিয়াৰত ২১৪ খনতকৈও অধিক ছবিত অভিনয় কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-10 at 4.55.36 PM

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ৰাজপাল যাদৱক সকলোৱে চিনি পায়। চলচ্চিত্ৰ জগতৰ প্ৰতিটো চৰিত্ৰত দুৰ্দান্ত প্ৰদৰ্শন কৰা অভিনেতা গৰাকীয়ে নিজৰ কেৰিয়াৰত ২১৪ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। কিন্তু এতিয়া সেই কমেডি কিংজনেই এতিয়া বিপদত পৰিছে। তিহাৰ জে'লত আত্মসমৰ্পণ কৰিছে অভিনেতা ৰাজপাল যাদৱে। 

WhatsApp Image 2026-02-10 at 4.48.33 PM

উল্লেখ্য যে- চেক বাউন্সৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাৰ পাছতে জেলত আত্মসমৰ্পণ কৰিছে বলীউডৰ অভিনেতা ৰাজপাল যাদৱে। ৰাজপাল যাদৱে মেছাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা প্ৰায় ৫ কোটি টকা ঋণ লৈছিল। কোম্পানীটোৱে উল্লেখ কৰা মতে-  যাদৱে টকা ঘূৰাই দিবলৈ কেইবাখনো চেক দিছিল যদিও সকলোবোৰ চেক বাউন্স হৈছিল। ইপিনে মেচাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডে ৰাজপাল যাদৱৰ বিৰুদ্ধে চেক বাউন্সৰ গোচৰ ৰুজু কৰিছিল।লগতে তেওঁক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

ৰাজপাল যাদৱ