জুবিন, তই সঁচাই বহুত শক্তিশালী : যতীন বৰা

মুনিন বৰুৱা পৰিচালিত হিয়া- দিয়া- নিয়া, বাৰুদ, বিধাতা, কন্যাদান, দাগ, নায়ক, ৰং আৰু দীনবন্ধু ছবিত জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছিল। একেদৰে এই আটাইকেইখন ছবিৰ দীনবন্ধুক বাদ দি বাকীকেইখনত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল যতীন বৰাই

author-image
Asomiya Pratidin
New Update
179

ডিজিটেল ডেস্ক : মুনিন- জুবিন-যতীন, এই তিনি যুটিয়ে অসমীয়া ছবি উদ্যোগলৈ আগবঢ়াইছে অপৰিসীম অৱদান। ছবি পৰিচালনাৰে মুনিন বৰুৱা, সংগীত পৰিচালনা তথা নেপথ্য কণ্ঠৰে জুবিন গাৰ্গ আৰু অনবদ্য অভিনয়েৰে যতীন বৰাই দীৰ্ঘকাল অসমীয়া দৰ্শকৰ মনত সাঁচ বহুৱাই থৈছে। 

মুনিন বৰুৱা পৰিচালিত হিয়া- দিয়া- নিয়া, বাৰুদ, বিধাতা, কন্যাদান, দাগ, নায়ক, ৰং আৰু দীনবন্ধু ছবিত জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছিল। একেদৰে এই আটাইকেইখন ছবিৰ দীনবন্ধুক বাদ দি বাকীকেইখনত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল যতীন বৰাই। গতিকে মুনিন- জুবিন- যতীন এই তিনিও যুটিৰ কথা নতুনকৈ বহলাই কোৱাৰ প্ৰয়োজন নাই। 

কিন্তু দুৰ্ভাগ্যৰ কথা এই যে, আজি আমাৰ মাজত মুনিন বৰুৱা আৰু জুবিন গাৰ্গ কায়িকভাৱে দুয়োৱেই নাই। শেহতীয়াকৈ জুবিন গাৰ্গৰ বিয়োগত যেন অকলশৰীয়া হৈ পৰিছে অভিনেতা তথা জুবিন গাৰ্গৰ দীৰ্ঘদিন বন্ধু যতীন বৰা। 

তেওঁ প্ৰায়েই সামাজিক মাধ্যমৰযোগেৰে জুবিন বিহীন প্ৰতিটো পল সুঁৱৰি আহিছে। দুখৰ এই সময়ত শেহতীয়াকৈ জুবিন গাৰ্গক পুনৰ সুঁৱৰিছে অভিনেতাগৰাকীয়ে। জুবিন গাৰ্গক সুঁৱৰি যতীন বৰাই কৰিছে এটি আৱেগভৰা পোষ্ট। 

সামাজিক মাধ্যমত তেওঁ লিখিছে এইদৰে- “গুৱাহাটীৰ পৰা নগাঁও দিশে আহি থাকোতে মনলৈ এটা কথাই আহে, তই জীয়াই থাকোতে সমাজৰ বহু সাধাৰণ মানুহৰ প্ৰতি নিজৰ সকলোখিনি উজাৰি সহায় কৰিছিলি। আৰু এতিয়া তই নোহোৱা হোৱাৰ পাছতো তোৰ শেষ ঠিকনা জুবিনক্ষেত্ৰৰ কাষত বহুজন লোকে দুই এপদ বস্তুৰ সৰু-সুৰা দোকান দি আৰ্থিকভাৱে কিছু সকাহ পাইছে। 

জুবিন, তই সঁচাই বহুত শক্তিশালী। তই জীয়াই থাকোতে বহুত মানুহৰ পেটৰ ভাতমুঠি দিছিলি। তই আজি কায়িকভাৱে নোহোৱা হোৱাৰ পাছতো বহুত মানুহৰ পেটৰ ভাতমুঠিত সহায় কৰি আছ'।
#JusticeForZubeenGarg“

জুবিন গাৰ্গ যতীন বৰা