/asomiyapratidin/media/media_files/2025/08/13/96-2025-08-13-21-57-03.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত ৰাষ্ট্ৰ বিৰোধী চক্ৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে । ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে মঙলবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ধুবুৰীৰ ভাৰত -বাংলাদেশ সীমান্তৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
ধৃত যুৱকজনক নায়েৰছৰা গাঁৱৰ ইমান হোছেন বুলি জানিব পৰা গৈছে। ধৃত যুৱকজনৰ ঘৰৰ পৰা বাংলাদেশৰ ২ খন পতাকা, ম'বাইলৰ ছিম কাৰ্ডৰ লগতে কিছুমান আপত্তিজনক কাগজ-পত্ৰ উদ্ধাৰ কৰা হৈছে বুলি সূত্ৰত জানিব পৰা গৈছে।
আনহাতে আৰক্ষীয়ে নিশাই ধৃত যুৱকজনৰ ককায়েকসহ তিনিজনক আটক কৰি গোলকগঞ্জ আৰক্ষী থানালৈ লৈ আনে। উল্লেখযোগ্য যে ধৃত ইমান হোছেন নামৰ যুৱকজনৰ ককায়েক এগৰাকী সেনাত কৰ্মৰত জোৱান বুলি জানিব পৰা গৈছে।
ইমান হোছেইনৰ ককায়েক তথা সেনা জোৱানজনৰ লগতে আৰু দুজন লোকক এই সন্দৰ্ভত সোধা -পোচাৰ বাবে আটক কৰি তিনিওজন ব্যক্তিকে অৱশ্যে নিশাই আৰক্ষীয়ে ঘৰলৈ যাব লৈ দিয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যেই ধুবুৰীৰ গোলকগঞ্জ লৈ এছটিএফৰ এটি দল আহি উপস্থিত হৈছে।
উক্ত ঘটনাৰ তদন্ত কৰিব এছটিএফে। জানিব পৰা মতে কাশ্মীৰৰ শ্ৰীনগৰত কৰ্মৰত সেনা জোৱান আলী হোছেইনে এমাহ পূৰ্বে ছুটি লৈ ভাৰত-বাংলাদেশ সীমান্তৰ নিজ গৃহ লক্ষীমাৰী লৈ আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধৃত ইমান হোছেইনৰ ভাতৃ সেনা জোৱান আলী হুচেইন, ৰামৰাইকুটি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক মহব্বত আলী, লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ সহ শিক্ষক জহৰ আলীক আটক কৰি জেৰা চলাই নিশা ঘৰলৈ যাবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীতে আৰক্ষীয়ে ইমান হোছেইনক গ্ৰেপ্তাৰ কৰি এই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত ২০৪/২৫ নম্বৰৰ এটি গোচৰ ৰুজু কৰিছে।