/asomiyapratidin/media/media_files/2025/09/18/partha-18-2025-09-18-20-25-31.jpg)
ডিজিটেল ডেস্কঃ যৌন শোষণৰ অভিযোগত অভিযুক্ত এ চি এছ বিষয়া পাৰ্থ প্ৰতীম বৰ্মনৰ পত্নী অন্তৰ্ধান। খবৰ অনুসৰি যৌন শোষণৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এ চি এছ বিষয়া পাৰ্থ প্ৰতীম বৰ্মনে আত্মগোপণ কৰাৰ পিছত এইবাৰ তেওঁৰ এ চি এছ পত্নী দেৱসেনা বৰ্মনো ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছে।
গোলকগঞ্জ সম-জিলাৰ সহকাৰী আয়ুক্ত দেৱসেনা বৰ্মনে স্বামী পাৰ্থ প্ৰতীমে পলায়ন কৰাৰ পাছৰে পৰা অহা নাই কাৰ্যালয়লৈয়ো। ফলত গোলকগঞ্জ সম জিলাৰ কাম-কাজো স্থবিৰ হৈ পৰিছে।
উল্লেখ্য যে, ভুক্তভোগী যুৱতীগৰাকীয়ে পাৰ্থ প্ৰতীমৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ সমান্তৰালকৈ এই সন্দৰ্ভতনাম লৈছিল এ চি এছ বিষয়া দেৱসনা বৰ্মনৰো। যৌন শোষণৰ অভিযোগত অভিযুক্ত পাৰ্থ প্ৰতীম বৰ্মন ধুবুৰী জিলাৰ মানকাচৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল।