এতিয়া নিলম্বন, চাকৰিৰ পৰাও বৰ্খাস্ত কৰিব এচিএছ নূপুৰ বৰাক...

ৰাজ্য চৰকাৰে নিলম্বন কৰিলে ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাক। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে, কেৱল নিলম্বনেই নহয়, চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হ'ব নূপুৰ বৰাক।

author-image
Tushar Pratim
New Update
এতিয়া নিলম্বন, চাকৰিৰ পৰাও বৰ্খাস্ত কৰিব এচিএছ নূপুৰ বৰাক...

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে নিলম্বন কৰিলে ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাক। এই সন্দৰ্ভত জাৰি কৰা হৈছে জাননী। পাৰ্ছনেল(এ) বিভাগৰ আয়ুক্ত সচিবে স্বাক্ষৰ কৰা জাননীত নূপুৰ বৰাক দুৰ্নীতি প্ৰতিৰোধ আইন-১৯৮৮ ৰ ধাৰা ১৩(১)(বি/১৩(২) আৰু ১২ ৰ আধাৰত ৰুজু হোৱা ভিজিলেন্স আৰক্ষী থানাৰ গোচৰ নম্বৰ ২৫/২০২৫ ত গ্ৰেপ্তাৰ হোৱাৰ বাবে নিলম্বন কৰাৰ কথা উল্লেখ কৰা হৈছে। 

উল্লেখযোগ্য যে, এই ধাৰাৰ নিয়ম অনুসৰি কোনো চৰকাৰী বিষয়াক আৰক্ষীয়ে ৪৮ ঘণ্টাৰ অধিক সময় আটক কৰি ৰাখিলে, চৰকাৰে বিষয়াগৰাকীক নিলম্বন কৰিব পাৰে। উল্লেখ কৰা মতে নূপুৰ বৰাক ১৫ ছেপ্তেম্বৰ, ২০২৫ ৰ পৰা কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে। 

স্মৰ্তব্য,  ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে, এই দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। কেৱল নিলম্বনেই নহয়, চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব নূপুৰ বৰাক।

দুৰ্নীতি অসম চৰকাৰ