/asomiyapratidin/media/media_files/2026/01/25/5b0e9f93-83da-43b2-a78f-f57ecc28dd9e-2026-01-25-18-58-08.jpg)
ডিজিটেল ডেস্কঃ ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠান।গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত এই বঁটা বিতৰণ অনুষ্ঠানটিত বিশিষ্ট অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ পোলেন বৰকটকীলৈ আগবঢ়োৱা হয় ‘সাদিন’ বঁটা। এই বঁটাত আছে এখন স্মাৰক আৰু ৫৫ হাজাৰ ৫৫৫ টকাৰ চেক। উল্লেখ্য যে, উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিকগৰাকীক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/f93d063c-83da-4162-8b82-3e2ba270509c-2026-01-25-18-58-51.jpg)
উল্লেখ্য যে, পোলেন বৰকটকী এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ। বৰকটকীয়ে সাহিত্যৰ লগতে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগত মুখ্য অভিযন্তা হিচাপেও আছিল কৰ্মৰত। তিনিচুকীয়াত ২০ অক্টোবৰ, ১৯৪২ চনত জন্মগ্ৰহণ কৰিছিল পোলেন বৰকটকীয়ে।
ইফালে, ১৯৫৯ চনত চামতা হাইস্কুলৰ পৰা মেট্ৰিক, ১৯৬১ চনত কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হয়। তাৰপাছত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ১৯৬৫ চনত চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে।
ইয়াৰ পাছতে পোলেন বৰকটকীয়ে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগত কৰ্মজীৱন আৰম্ভ কৰি ২০০০ চনত বিভাগটোৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰে। বৰকটকীয়ে লিখা উপন্যাস সমূহ হৈছে এজন দধীচিৰ অন্বেষণত (১৯৭৩),শিকলি (১৯৮১),দুঃসময়ৰ গান (১৯৯৬),ফগ্লু (২০০১), তেওঁ লিখা গল্পসংকলন হৈছে মানুহৰ দান (২০০১)।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us