এচিভাৰ এৱাৰ্ডছ-২০২৫: বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুনলৈ ‘জীৱনজোৰা সাধনা’ বঁটা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠান। ড০ নাহেন্দ্ৰ পাদুনলৈ আগবঢ়োৱা হয় ‘জীৱনজোৰা সাধনা’ বঁটা

author-image
Asomiya Pratidin
New Update
NAHENDRAPADFDDUN

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠান। এই বঁটা বিতৰণ অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক-গৱেষক তথা ভাষাবিদ ড০ নাহেন্দ্ৰ পাদুনলৈ আগবঢ়োৱা হয় ‘জীৱনজোৰা সাধনা’ বঁটা। এই বঁটাত আছে এখন স্মাৰক আৰু ১ লাখ ১১ হাজাৰ ১১১ টকাৰ চেক। উল্লেখ্য যে, এচিভাৰ এৱাৰ্ডছ ২০২৫ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই বঁটা প্ৰদান কৰে ড০ নাহেন্দ্ৰ পাদুনক। 

ড° নাহেন্দ্ৰ পাদুন অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, গৱেষক, ভাষাবিদ আৰু মিচিং সংস্কৃতিৰ বিশিষ্ট চৰ্চাকাৰী। ড০ পাদুন শিৱসাগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। তদুপৰি মিচিং আগম কেবাংৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু সভাপতি হিচাপে তেওঁ মিচিং ভাষা-সাহিত্যৰ ৰূপৰেখা তৈয়াৰ কৰাত মুখ্য ভূমিকা পালন কৰিছিল। 

মিচিং জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ৰ গৱেষক ৰূপে ড০ নাহেন্দ্ৰ পাদুনে ২০খনৰো অধিক মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থৰে অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰিছে। ইফালে, তেওঁ মাদুৰাই বিশ্ববিদ্যালয়ৰ অধীনত ভাষা বিজ্ঞান চৰ্চালৈ অশেষ অৰিহণা আগবঢ়াইছে। 

ড০ নাহেন্দ্ৰ পাদুনে সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেওঁক 'সাহিত্যাচাৰ্য' উপাধি প্ৰদান কৰা হৈছিল। বিশিষ্ট ভাষাবিদ, সাহিত্যিক, অধ্যাপকগৰাকীয়ে অসমীয়া ভাষাৰ উপৰিও মিচিং ভাষালৈ অনবদ্য অৱদান আগবঢ়াইছে। অসমীয়া ভাষাৰ উপৰিও মিচিং ভাষা-সাহিত্যৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৯ চনত 'সাহিত্যচাৰ্য' উপাধিৰে বিভূষিত কৰা হৈছিল।

উল্লেখযোগ্য যে, ১৯৪১ চনত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ডি এইছ এছ কানৈ মহাবিদ্যালয়ৰ পৰা ১৯৬৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত গ্ৰহণ কৰে স্নাতকোত্তৰ ডিগ্ৰী।

১৯৭১ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি একেখন মহাবিদ্যালয়ৰ একেটা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব পালন কৰা ড০ নাহেন্দ্ৰ পাদুনে ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে। 

সাদিন-প্ৰতিদিন গোষ্ঠী সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুন