/asomiyapratidin/media/media_files/2026/01/25/5191425d-46e8-4e66-86d4-840de77e3d9a-2026-01-25-17-56-19.jpg)
সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এচিভাৰ এৱাৰ্ড অনুষ্ঠান এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া।
এইবাৰো সাদিন-প্ৰতিদিন গোষ্ঠীয়ে এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কেইবাজনো বিশিষ্ট ব্যক্তি তথা সংস্থাক এচিভাৰ এৱাৰ্ডেৰে সন্মানিত কৰে। কলা, সংস্কৃতি, সাহিত্য, সংবাদ, ক্ৰীড়া, বিজ্ঞান, বাণিজ্য, প্ৰকৃতি সুৰক্ষা, মানৱ কল্যাণকে ধৰি একাধিক ক্ষেত্ৰত দক্ষতাৰে কাম কৰি অহা এইসকল ব্যক্তিৰ লগতে সংস্থাক আজি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এচিভাৰ এৱাৰ্ড প্ৰদান কৰে।
- Jan 25, 2026 23:46 IST
অনুষ্ঠানটি সফল হোৱাৰ ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন
ইয়াৰ পাছতে এই অনুষ্ঠানটি সফল হোৱাত সহায়-সহযোগ আগবঢ়োৱা ষ্টাৰ চিমেন্টৰ ডেপ্যুটি জেনেৰেল মেনেজাৰ অভিষেক দন্ত, এভেৰিডে স্পাইচেছৰ সঞ্চালক বি শৰ্মা, এছ পি এম আইএএছ একাডেমীৰ সঞ্চালক পলাশ গগৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অৱশেষত প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়।
- Jan 25, 2026 23:45 IST
‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ সাংবাদিকতা আৰু কাৰিকৰী বিভাগৰ ৬ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় বিশেষ সন্মান
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষণৰ পাছতে ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ সাংবাদিকতা আৰু কাৰিকৰী বিভাগৰ ৬ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় বিশেষ সন্মান। তেওঁলোকক ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰা হয় ক্ৰমে ‘প্ৰতিদিন টাইম’ৰ বাহাৰুল ইছলাম, ৱাহিদুৰ ৰহমান, ‘অসমীয়া প্ৰতিদিন’ৰ হীৰামণি শৰ্মা, ভৱেশ ডেকা আৰু ‘প্ৰতিদিন ডিজিটেল’ৰ ডিম্পুল বৰগোহাঁই আৰু জয়দীপ নাৰায়ণ দেবক।
- Jan 25, 2026 20:13 IST
বিশিষ্ট সাহিত্যিক-গৱেষক ড০ নাহেন্দ্ৰ পাদুনলৈ আগবঢ়োৱা হয় ‘জীৱনজোৰা সাধনা’ বঁটা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠান। এই বঁটা বিতৰণ অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক-গৱেষক তথা ভাষাবিদ ড০নাহেন্দ্ৰ পাদুনলৈ আগবঢ়োৱা হয় ‘জীৱনজোৰা সাধনা’ বঁটা। এই বঁটাত আছে এখন স্মাৰক আৰু ১ লাখ ১১ হাজাৰ ১১১ টকাৰ চেক। উল্লেখ্য যে, এচিভাৰ এৱাৰ্ডছ ২০২৫ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই বঁটা প্ৰদান কৰে ড০ নাহেন্দ্ৰ পাদুনক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/07536a1c-7a2e-4c60-af16-232a8c2cebd3-2026-01-25-20-13-24.jpg)
- Jan 25, 2026 20:11 IST
বিশিষ্ট অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ পোলেন বৰকটকীলৈ আগবঢ়োৱা হয় ‘সাদিন’ বঁটা
‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫অনুষ্ঠান।গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিতএই বঁটা বিতৰণ অনুষ্ঠানটিত বিশিষ্ট অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ পোলেন বৰকটকীলৈ আগবঢ়োৱা হয়‘সাদিন’বঁটা। এই বঁটাত আছে এখন স্মাৰক আৰু ৫৫ হাজাৰ ৫৫৫ টকাৰ চেক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/f93d063c-83da-4162-8b82-3e2ba270509c-2026-01-25-20-11-48.jpg)
- Jan 25, 2026 20:09 IST
Excellence in Culture বঁটা প্ৰদান
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱালৈ আগবঢ়োৱা হয় Excellence in Culture বঁটা। এই সন্মান প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।
- Jan 25, 2026 20:07 IST
Achiever Music Award প্ৰদান
অসমীয়া ছবিৰ লগতে হিন্দী ছবিৰ সংগীত সুৰকাৰ জিতু-তপনলৈ আগবঢ়োৱা হয় আজিৰ এই বঁটা বিতৰণী অনুষ্ঠানত।
- Jan 25, 2026 20:03 IST
ডাঃ সুৰজিৎ গিৰিলৈ Health Care Award
বিশিষ্ট চিকিৎসক সুৰজিৎ গিৰিলৈ আগবঢ়োৱা হয় Health Care Award । এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।
- Jan 25, 2026 20:00 IST
Excellence in Art বঁটা প্ৰদান
এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসলৈ Excellence in Art বঁটা আগবঢ়োৱা হয়। এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।
- Jan 25, 2026 19:57 IST
Excellence in Business বঁটা প্ৰদান
ষ্টাৰ চিমেন্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ পুৰোহিতলৈ আগবঢ়োৱা হয় Excellence in Business বঁটা। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আগবঢ়াই এই বঁটা।
- Jan 25, 2026 19:55 IST
Excellence in Sports বঁটা প্ৰদান
২০২৫চনত মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ তথা অসম কন্যা উমা চেত্ৰীলৈ আগবঢ়োৱা হয় Excellence in Sports বঁটা।
- Jan 25, 2026 19:21 IST
Excellence in Science & Innovation Award প্ৰদান
ড০ বিস্মিতা হাজৰিকালৈ আগবঢ়োৱা হয় Excellence in Science & Innovation বঁটা। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সন্ধিয়াই আগবঢ়াই এই বঁটা।
- Jan 25, 2026 19:19 IST
Excellence in Environment Conservation বঁটা প্ৰদান
এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠানত প্ৰদান কৰা হয় Excellence in Environment Conservation বঁটা। এই বঁটা প্ৰদান কৰা হয় প্ৰকৃতিপ্ৰেমী মনোজ গগৈক।
- Jan 25, 2026 19:18 IST
উপমন্যু বৰকটকীলৈ এই বৰ্ষৰ জুৰীৰ বিশেষ সন্মান
দুটা শাখাত এচিভাৰ এৱাৰ্ডছৰ জুৰীৰ বিশেষ সন্মান। উপমন্যু বৰকটকীলৈ এই বৰ্ষৰ জুৰীৰ বিশেষ সন্মান। বঁটা প্ৰদান কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।
- Jan 25, 2026 19:16 IST
এচিভাৰ এৱাৰ্ডছ-২০২৫ৰ জুৰীৰ বিশেষ সন্মান
দুটা শাখাত এচিভাৰ এৱাৰ্ডছৰ জুৰীৰ বিশেষ সন্মান। ইন্দ্ৰনীল তালুকদাৰ, কাব্যনীল তালুকদাৰলৈ জুৰীৰ বিশেষ সন্মান প্ৰদান কৰা হয়।
- Jan 25, 2026 18:27 IST
আদৰণি ভাষণ আগবঢ়াই সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্ত্বাধিকাৰী জয়ন্ত বৰুৱাই
‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্ত্বাধিকাৰী জয়ন্ত বৰুৱাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/42ceae6f-6077-40e8-b6c6-a7e00b2f66c9-2026-01-25-18-27-35.jpg)
- Jan 25, 2026 18:17 IST
বন্তি প্ৰজ্বলনেৰে ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠানৰ আৰম্ভণি
বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰা হয় ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠানৰ। বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/5dff98f3-8265-4c81-86b5-d33be549c0a1-2026-01-25-18-17-28.jpg)
- Jan 25, 2026 18:01 IST
গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া
গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া
সাদিন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠানত উপস্থিত হৈছেহি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। বঁটা বিতৰণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্ত্বাধিকাৰী জয়ন্ত বৰুৱাৰ সৈতে অনুষ্ঠানটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়া।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/4e9e2494-8028-4e56-bec5-64fe08c44ee3-2026-01-25-17-58-14.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us