/asomiyapratidin/media/media_files/2025/11/05/cxdfdfdfdf-2025-11-05-10-08-55.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এজন কংগ্ৰেছ নেতাৰ তিনিখন ভোটাৰ আইডি। ধিং ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিনৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ।
অভিযোগ অনুসৰি, নুৰুল আমিন মূলত মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ মিকিৰভেটা আৰক্ষী থানাৰ তথা শিলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ বাসিন্দা। এই নুৰুল আমিনে তিনিটাকৈ ভোটাৰ আই ডি গোপনীয়তাৰে সংগ্ৰহ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-im-2025-11-05-10-09-22.jpeg)
যি সময়ত ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগে এজন ব্যক্তিৰ যিকোনো এটা বিধানসভা সমষ্টিতহে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সাংবিধানিক অধিকাৰ প্ৰদত্ত কৰিছে সেই সময়তে এজন মানুহৰ নামত তিনিটাকৈ ভোটাৰ আই ডি অতি কৌশলেৰে নিৰ্বাচন আয়োগৰ পৰা সংগৃহীত কৰি ৰাজনীতিৰ মুনাফা লাভৰ লগতে চৰকাৰী আঁচনিও তিনিটাকৈ পৃথক স্থানৰ পৰা পাই থকাৰ ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-image-2025-11-05-10-09-39.jpeg)
বটদ্ৰৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়িকা শিৱামনি বৰাৰ বিশেষ ঘনিষ্ঠ তথা ধিং ব্লক কংগ্ৰেছ কমিতিৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত থকা নুৰুল আমিন নামৰ লোকজনৰ বিৰুদ্ধে ৰাইজে এই অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি বৰ্তমানৰ আমলখি-চহৰীয়া জিলা পৰিষদৰ সদস্যা নাৰ্গিছ চুলতানাৰ টুকটুকী গাঁৱত থকা ঘৰৰ নম্বৰত দুটাকৈ PVO0125963 আৰু PVO 0151266 নম্বৰত দুটাকৈ ভোটাৰ আই ডি ৰহস্যজনকভাৱে ৫৪ বছৰ বয়সত সংযুক্ত(নতুনকৈ) কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-image-2025-11-05-10-10-02.jpeg)
আনহাতে তেঁওৰ মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ শিলপুখুৰী গাঁওৰ ঘৰত থকা CCG1460679 নম্বৰটোত ভোটাৰ আই ডি হে স্থায়ীভাৱে পৰিচিত যদিও ৰাজনৈতিক মুনাফা আৰু চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহনৰ বাবে এনেধৰণৰ ভোটাৰ আই ডি জালিয়তীৰ দৰে ভয়ংকৰ অপৰাধ সংঘটিত কৰি অহা বুলি অভিযোগ উঠিছে। ভোটাৰ আই ডি জালিয়াতি কৰা নুৰুল আমিনৰ বিৰুদ্ধে আইনগত ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us