Advertisment

সাংবাদিক মুকেশৰ হত্যাকাৰী ওলাল...

সাংবাদিক মুকেশৰ মৃতদেহ উদ্ধাৰ কৰা দিনৰ পৰা সন্ধানহীন হৈ আছিল তেওঁৰেই দূৰ সম্পৰ্কীয় এজন ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰ। হত্যাকাণ্ড সংঘটিত কৰি তেওঁৰ ড্ৰাইভাৰৰ বাসগৃহত আত্মগোপন কৰি আছিল।

author-image
Asomiya Pratidin
New Update
ert

ডিজিটেল ডেস্কঃ ছট্টিশগড়ত হত্যা কৰা মুকেশ চন্দ্ৰকাৰ নামৰ সাংবাদিকজনৰ হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হায়দৰাবাদৰ পৰা। উল্লেখযোগ্য যে, এই সাংবাদিকগৰাকীৰ মৃতদেহ এটা চেপটিক টেংকত উদ্ধাৰ হৈছিল। সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ কৰা দিনৰ পৰা সন্ধানহীন হৈ আছিল তেওঁৰেই দূৰ সম্পৰ্কীয় এজন ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰ।

Advertisment

জানিব পৰা মতে, সুৰেশ চন্দ্ৰকাৰে এই হত্যাকাণ্ড সংঘটিত কৰি তেওঁৰ ড্ৰাইভাৰৰ বাসগৃহত আত্মগোপন কৰি আছিল। আৰক্ষীয়ে ২০০ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আৰু ৩০০ মোবাইল ফোনৰ কল ট্ৰেক কৰি সাংবাদিকজনৰ হত্যাকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হয়।

আৰক্ষীয়ে ইয়াৰ পূৰ্বে এই হত্যাকাণ্ডৰে জৰিত থকাৰ সন্দেহত সুৰেশ চন্দ্ৰকাৰৰ চাৰিটা বেংক একাউন্ট জব্দ কৰিছিল। ছট্টিশগড়ৰ কানকে জিলাৰ বাসিন্দা সুৰেশৰ পত্নীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে।

বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ফ্ৰী লেন্স সাংবাদিকৰূপে কৰ্মৰত মুকেশ চন্দ্ৰকাৰৰ মৃতদেহ উদ্ধাৰ হোৱা পাছতে এই ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। বিজাপুৰৰ বাসগৃহৰ পৰা নতুন বছৰৰ প্ৰথম দিনটোত তেওঁ ওলাই গৈছিল যদিও সেইদিনাৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল।

ঘৰৰ কিছু নিলগতে সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু চোতা অস্ত্ৰৰে তেওঁক মূৰ,বুকু লগতে দেহৰ বিভিন্ন অংশত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ কি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে, সেইদিনা নিশা তেওঁলোকে আহাৰ গ্ৰহণৰ সময়ত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু সেই কাজিয়াৰ পৰিণতিতে মুকেশ চন্দ্ৰকাৰক ৰিতেশ নামৰ এজন লোকৰ সৈতে মিলি সুৰেশে হত্যা কৰে। তাৰ পাছতে মৃতদেহটো এটা চেপটিক টেংকত ভৰাই টেংকটোৰ মুখখন চিমেন্টেৰে ঢালাই কৰি দিয়ে। 

মুকেশ ছট্টিশগড় সংবাদিক