/asomiyapratidin/media/media_files/2026/01/15/1-2026-01-15-19-51-42.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত পূৰ্ণগতিত চলি আছে ৰাজধানী থিয়েটাৰৰ নাটপ্ৰদৰ্শন। ইখন পাছত আনখন ঠাইলৈ নাট্যযাত্ৰা আৰম্ভ কৰিছে ৰাজধানী থিয়েটাৰ নাট্যদলে। পিছে নগাঁৱৰ বঢ়মপুৰত ৰাজধানী থিয়েটাৰ চাবলৈ আহি দুৰ্ঘটনাত পতিত দৰ্শক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/2-2026-01-15-19-48-52.jpg)
বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজিৰে পৰা আৰম্ভ হয় ৰাজধানী থিয়েটাৰ। এই ৰাজধানী থিয়েটাৰৰ প্ৰথম দৰ্শনী চাবলৈ আহি খেল পথাৰৰ সন্মুখৰ ৰাজ্যিক পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল দৰ্শক। তীব্র বেগী দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। ইপিনে দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত দুগৰাকী লোক। আহত লোক দুগৰাকী ক্ৰমে বৰবাৰীৰ বিমল বৰা আৰু নগাঁৱৰ ৰাইদেঙিয়াৰ সঞ্জয় বৰা।
/asomiyapratidin/media/post_attachments/64ea0824-db7.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us