/asomiyapratidin/media/media_files/2025/11/09/ujjjdd-2025-11-09-20-37-27.jpg)
ডিজিটেল সংবাদ, চিলপথাৰঃ দেওবাৰে বিয়লি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত এজন যুৱকৰ থিতাতে মৃত্যু হয় ।
ঘটনাৰ সময়ত লখিমপুৰৰ দিশৰ পৰা আহি থকা AR - 22 4457 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা AS-06-W 4539 নম্বৰৰ এখন য়ামাহা Ray Z স্কুটিৰ মাজত কুলাজান তহলদাৰী আৰক্ষী চকীৰ সন্মুখতে মুখামুখি সংঘৰ্ষ হয়। ঘটনাত স্কুতি আৰোহী যুৱকজনৰ থিতাতে মৃত্যু হয় ।
বাতৰি লিখাৰ পৰলৈকে যুৱকজনৰ পৰিচয় জানিব পৰা নাই। ঘটনাটোত চূৰ্ণাকৃত হৈ পৰে স্কুটি। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us