চালকৰ সৈতে এজন গৃহৰক্ষী জোৱান নিহতঃ নিৰ্বাচনৰ কৰ্তব্য সম্পাদন কৰিবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত…

চালকৰ সৈতে এজন গৃহৰক্ষী জোৱান নিহতঃ নিৰ্বাচনৰ কৰ্তব্য সম্পাদন কৰিবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত…

author-image
asomiyapratidin
New Update
বহুজনৰ প্ৰাণহানিৰ আশংকাঃ লখিমপুৰৰ পৰা কাছাৰলৈ নিৰ্বাচনী কৰ্তব্যলৈ যোৱা গৃহৰক্ষী বাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

ডিজিটেল ডেস্কঃ কৰ্তব্য সম্পাদন কৰিবলৈ লখিমপুৰৰ পৰা কাছাৰলৈ যোৱা গৃহৰক্ষী বাহিনীৰ বাহন দুৰ্ঘটনা কাণ্ডত নিহত হৈছে প্ৰাণজিত নামৰ নৈশ বাছ খনৰ চালকৰ লগতে এজন হোম গাৰ্ড। প্ৰাপ্ত খবৰ অনুসৰি হোমগাৰ্ডজনৰ নাম হোমেন গগৈ।

Advertisment

উল্লেখ্য যে, লখিমপুৰ জিলাৰ সদৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান লৈ কাছাৰ জিলা অভিমুখে গৈ আছিল এখন যাত্ৰী বাহী নৈশবাছ। বাছখন মেঘালয় ৰাজ্যত প্ৰৱেশ কৰি এটা কেঁকুৰী পাৰ হোৱা অৱস্থাতে সোমবাৰে বিয়লি নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৯০ ফুট তলত পৰি দুর্ঘটনাগ্ৰস্ত হয় । হালকাধি নামৰ ঠাইত সংঘটিত হোৱা এই দুৰ্ঘটনাত আহত সকলোকে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে।