চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত এজন যুৱক

আজি বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ ঘৰ আহি পোৱাৰ পাছত শ শ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় যুৱকজনৰ। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিচিবৰগাঁৱৰ সমীপৰ গাইনদী দলঙৰ কাষৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। 

WhatsApp Image 2026-01-04 at 7.28.33 PM

ঘটনাৰ বিৱৰণী অনুসৰি, চিচিবৰগাঁৱৰ সৰবৰহী যুৱক তথা ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়াৰ পুত্ৰ বিপ্লৱ চুতীয়াই নিজৰ কৰ্তব্য সামৰি মটৰ চাইকেলেৰে ধেমাজিৰ পৰা ঘৰৰ অভিমুখে আহি থকা অৱস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাইনদী দলঙৰ কাষত কোনো অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় । দুৰ্ঘটনাটোত বিপ্লৱ চুতীয়া নামৰ প্ৰায় ২২ বছৰীয়া যুৱকজনে মৃত্যুক সাৱটি লয়। 

WhatsApp Image 2026-01-04 at 7.28.32 PM

উল্লেখ্য যে, কেইমাহমানৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল বিপ্লৱ চুতীয়া। মাত্ৰ ১৫ দিনৰ  পূৰ্বে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান মিছনৰ ১০৮ সেৱাৰ চাকৰিত যোগদান কৰিছিল যুৱকজনে। ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়াৰ একমাত্ৰ পুত্ৰ সৰল আৰু অমায়িক যুৱকজনৰ এনে আকস্মিক মৃত্যুত ভাগি পৰিছে পৰিয়ালৰবৰ্গ। আজি বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ ঘৰ আহি পোৱাৰ পাছত শ শ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়  যুৱকজনৰ। 

চিচিবৰগাওঁ