/asomiyapratidin/media/media_files/2026/01/19/yhdhhd-2026-01-19-21-43-53.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী আৰক্ষী থানা তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বাগান কলঘৰ পথত আজি সন্ধিয়া এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন ৱাগনৰ আৰোহী দুৰ্ঘটনাত পতিত হয়। লগে লগে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়।স্থানীয় লোকে কয়-এই কল ঘৰ পথত সন্ধিয়াৰ পৰা বিসংগতিপূৰ্ণভাৱে এখন বালিভৰ্তি ট্ৰাক ৰখাই থয় কোনো লোকে।
সেই সময়তে গাড়ীলিকৰ ফালৰ পৰা এখন ৱাগনাৰেৰে তিনিজন লোক ক্ৰমে গণেশ ৰাভা,নীলমণি শৰ্মা আৰু সঞ্জীৱ ৰাভাই আহি আছিল। তেনেক্ষেত্ৰত এই বাহনখনে পথৰ হেলনীয়া ঠাইত ৰখাই থোৱা বালিভৰ্তি ট্ৰাকখনত খুন্দা মাৰে। ফলত তেওঁলোক দুৰ্ঘটনাগ্ৰস্ত হয়।
লগতে ৱাগনাৰখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ উপৰি বাহনখনৰ ভিতৰ ভাগ তেজেৰে ভৰি পৰে।স্থানীয় লোকে এই তিনিজন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিবপৰামতে গণেশ ৰাভাৰ অৱস্থা সংকটজনক হোৱাৰ বিপৰীতে নীলমণি শৰ্মা আৰু সঞ্জীৱ ৰাভাৰ অৱস্থা সংকটমুক্ত।
আজিৰ এই ঘটনা সংঘটিত হোৱাৰ পিচত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বালিভৰ্তি ট্ৰাকখন পলাই যাবলৈ সক্ষম হয়। আনহাতে একাংশই এম্বুলেন্সক খবৰ কৰে যদিও কিবা বিসংগতিৰ বাবেই স্থানীয় চুমো গাড়ীৰে এই তিনিজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।উল্লেখ যে,পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত এই মিৰ্জা চানডুবি পথত সঘনাই এনে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
বিশেষকৈ শিল,বালি,মাটি কঢ়িওৱা আদি গধূৰ যানবাহনৰ দৌৰাত্ম্য তথা একাংশ উদণ্ড যানবাহন চালকৰ দৌৰাত্ম্যৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষী প্ৰশাসন,পৰিবহন বিভাগ তথা লোহাৰঘাটৰ বনবিভাগে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। ফলত দিনত কিয় নিশাৰ ভাগত সঘনাই এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us