/asomiyapratidin/media/media_files/2025/09/12/326-2025-09-12-22-29-27.jpg)
ডিজিটেল সংবাদ, লামডিং : লামডিঙত শুকুৰবাৰে আবেলি সংঘটিত হয় এক ভয়কৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগকাৰী ৭৫ বছৰীয় বৃদ্ধৰ ।
জানিব পৰা মতে লামডিং পটোপথাৰত সংঘটিত হৈছে এই কৰুণ ঘটনা । লামডিং চান্দুৰা বস্তীৰ নিবাসী সাগৰ দাস নামৰ এজন যুৱকে এছ ৩১ চি ৩৩০১ মহেন্দ্ৰা মেঘা বাহনখনৰে গৰু কঢ়িয়াই তীব্ৰ বেগেৰে আহি থকাৰ সময়তে নিয়ন্ত্ৰন হেৰুৱাই লোক জনক খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় ।
থিতাতে বৃদ্ধ লোকজনৰ মৃত্যু হোৱাৰ পিছতে চালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে আটক কৰে বাহনসহ চালকজনক । ঘটনাৰ পিছতেই ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ সাগৰ দাসক আটক কৰি তদন্ত আৰম্ভ কৰে ।