New Update
/asomiyapratidin/media/media_files/2025/09/30/455-2025-09-30-23-37-35.jpg)
- চেন্নাইৰ এটা তাপ বিদ্যুৎ প্রকল্পত বৃহৎ অঘটন।
- প্রকল্পটোৰ নিৰ্মাণ স্থানত সংঘটিত দুৰ্ঘটনাত ৯জনকৈ শ্রমিকৰ মৃত্যু।
- নিৰ্মাণ হৈ থকা এটা তোৰণ খহি মৃত্যু অসমৰ ৯জন শ্ৰমিক।
- ঘটনাত গুৰুতৰভাৱে আহত আন কেইবাজনো শ্রমিক।
- উত্তৰ চেন্নাইৰ এননোৰত সংঘটিত এই ভয়ংকৰ ঘটনা।
- আহতসকলক চেন্নাইৰ ষ্টেনলিৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি।
- ২০ফুটৰো অধিক উচ্চতাত কৰ্মৰত অৱস্থাত আছিল শ্রমিককেইজন।
- ঘটনাক লৈ শোক প্রকাশ প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ।
- নিহত প্রতিগৰাকী শ্রমিকৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ সাহায্য।
- আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা।
- একেদৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ঘটনা সন্দৰ্ভত শোক ব্যক্ত কৰে।
- এই ঘটনাত ৪গৰাকী কাৰ্বি আংলং জিলাৰ আৰু ৫গৰাকী হোজাই জিলাৰ শ্ৰমিকৰ মৃত্যু হয়।
- তেওঁলোক হৈছে ক্ৰমে- মুন্না কেম্প্ৰাই, সৰৱজিৎ থাউছেন, ফাইবিট ফাংলু,বিদায়ুম পৰবছা, পবন ছৰং, প্ৰয়ান্তো ছৰং,চুমন খাৰিকাপ,ডিমাৰাজ থাউছেন, আৰু দীপক ৰাইজুং।
- এই আটাইকেইগৰাকী লোকৰে নশ্বৰদেহ অনাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে।