/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/30-doctors.jpg)
ডিজিটেল ডেস্কঃ মুম্বাইত সংঘটিত এক পথ দুৰ্ঘটনাত ৩০জনকৈ চিকিৎসক গুৰুতৰভাৱে আহত হৈছে। মুম্বাইৰ পৰা ঔৰংগাবাদলৈ যোৱাৰ পথত এই পথ দুৰ্ঘটনা সংঘটিত হয়।
যোৱা নিশা মহাৰাষ্ট্ৰৰ আহমেদনগৰ কেদগাঁও বাইপাছৰ সমীপত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো। এখন বাছত চিকিৎসকৰ এটা দল গৈছিল ঔৰাংগবাদৰ অভিমুখে। আজি তাত অনুষ্ঠিত হোৱা কথা আছিল এখন আলোচনা চক্ৰৰ।
সেই আলোচনা চক্ৰত অংশ ল'বলৈ গৈছিল মুম্বাই টাটা কেন্সাৰ হাস্পতালৰ ৩০জনকৈ চিকিৎসক। এখন সামগ্ৰী পৰিবাহী ট্ৰাকৰ সৈতে চিকিৎসক কেইজনক কঢ়িয়াই নিয়া নৈশ বাছখনৰ সংঘৰ্ষৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়। চিকিৎস কেইজনৰ অৱস্থাত সংকটজনক।