/asomiyapratidin/media/media_files/2025/11/07/ujjjd-2025-11-07-19-18-25.jpg)
ডিজিটেল ডেস্কঃ বিশ্বজয়ী উমাক সম্বৰ্ধনা জনাবলৈ অৱশেষত দিন-বাৰ ঠিক কৰিলে অসম ক্ৰিকেট সন্থাই। ক্ৰিকেটৰ বিশ্বকাপ জয় কৰি নিজ জন্মভূমিত উপেক্ষিত হোৱা উমা চেত্ৰীক লৈ বৰ্তমানো অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত অৱশেষত ক্ৰিকেটাৰগৰাকীক সম্বৰ্ধনা জনোৱাৰ বাবে দিন-বাৰ ঠিক কৰিছে অসম ক্ৰিকেট সন্থাই।
প্ৰাপ্ত খবৰ অনুসৰি, অহা ৯নৱেম্বৰ, ২০২৫ত উমাক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। বিশ্বকাপ বিজয়ী উমা চেত্ৰীক অভিবাদন জনাবলৈ এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে অসম ক্ৰিকেট সন্থাই। এই কথা সদৰি কৰিলে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বৃহস্পতিবাৰে নিশা বিশ্বকাপ বিজয়ী খেলুৱৈগৰাকী নিজ জন্মভূমিত ভৰি দিয়াৰ পাছত তেওঁক সম্বৰ্ধনা জনাবলৈ উপস্থিত নাছিল কোনো দল-সংগঠনৰ লোক। চৰকাৰী প্ৰতিনিধিতো বাদেই বিৰোধী ৰাজনৈতিক দলৰ এগৰাকী নেতা কৰ্মীও উপস্থিত নাছিল বিমান বন্দৰত।
গোৰ্খা সম্প্ৰদায়ৰ কেইগৰাকীমান লোকে উমাক আদৰণি জনাইছিল বিমান বন্দৰত। লক্ষ্যণীয়ভাৱে অসমৰ কোনো এটা জাতীয় সংগঠনৰ প্ৰতিনিধিও উপস্থিত নাছিল বিমান বন্দৰত। এই ঘটনাক লৈ শুকুৰবাৰে পুৱা ভাগৰে হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতে জিলা প্ৰশাসনৰ লগতে অসম ক্ৰিকেট সন্থাৰ প্ৰতিনিধি গৈ উপস্থিত হৈছিল উমাৰ বাসগৃহত।
এই বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়েও। তেওঁ কয় যে, বি চি চি আয়ে উমা অসমলৈ অহাৰ কথা আগতীয়াকৈ জনোৱা নাছিল। সেয়েহে তেনে কোনো আয়োজন কৰিব পৰা নগ'ল। অৱশ্যে গগৈয়ে কয় যে, গুৱাহাটী বিমান বন্দৰত বৃহস্পতিবাৰে নিশা উপস্থিত আছিল অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া। নিশা হোৱাৰ বাবে তেওঁক বিমান বন্দৰত বিশেষ সম্বৰ্ধনা জনোৱা নাছিল বুলিও কয় গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us