/asomiyapratidin/media/media_files/2026/03/05/233-2026-03-05-15-29-58.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়া থানাৰ সন্মুখত বৃহস্পতিবাৰে পুনৰ উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে এবিভিপিৰ কৰ্মীয়ে। ৰঙিয়াৰ কমাৰগাঁৱৰ আইডল একাডেমী নামৰ এখন কলেজৰ এগৰাকী ছাত্ৰীৰ নথি-পত্ৰ বিসংগতিৰ লগতে এবিভিপিৰ কৰ্মীক কলেজ কৰ্তৃপক্ষই মাৰপিট কৰাৰ অভিযোগৰ ঘটনাক লৈ এই প্ৰতিবাদ ।
এই ঘটনাক লৈ তিনিদিন পূৰ্বে এবিভিপিয়ে ৰঙিয়া থানাৰ সন্মুখত প্ৰতিবাদ কৰাৰ পিছত পুনৰ বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। এবিভিপিয়ে ৰঙিয়া থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰে ।
উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত গাঁওপ্ৰধান হেমেন ডেকা, শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰবীন্দ্ৰ নাথ ডেকা, অমৰ জ্যোতি ডেকা, পলাশ ৰাজবংশী, ৰাজা হাৰুন আল ৰাশিদ , হাকিমুদ্দিন আহমেদ আৰু ধ্ৰুৱজ্যোতি ডেকাৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত ধিক্কাৰ দিয়ে ।
অৱশ্যে নিশা ব্যক্তিগত খণ্ডৰ এই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষক আৰক্ষীয়ে আটক কৰিছে । কিন্তু বাকী অভিযুক্ত কেইগৰাকীক দুদিনৰ ভিতৰত আটক কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে আজি থানা চৌহদ উত্তাল কৰি তোলে ।
উল্লেখ্য যে এই শিক্ষানুষ্ঠানৰ বিৰুদ্ধে বনশ্ৰী ৰাজবংশী নামৰ ছাত্ৰীগৰাকীৰ নথি–পত্ৰ বিসংগতি হোৱাৰ বাবে শৈক্ষিক সমস্যাত পৰে । এনে অভিযোগ সন্দৰ্ভত আইডল একাডেমীৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ছাত্ৰী গৰাকীৰ নথি–পত্ৰ ত্ৰুটিমুক্ত কৰাৰ দাবী উত্থাপন কৰোতেই এবিভিপিৰ সদস্যক মিছা অপবাদ দি আক্ৰমণ কৰা বুলি অভিযোগ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতৃবৃন্দই ।
অভিযোগ অনুসৰি, এই শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰত সহপাঠীৰ ফটো সংলগ্ন হৈ আহে। ইয়াৰ লগতে আন কেইবাটাও গুৰুতৰ বিসংগতি ধৰা পৰে । এই বিষয়ে ছাত্ৰীগৰাকীয়ে এবিভিপিৰ নেতৃবৃন্দক অৱগত কৰে ।
পিছত সমগ্ৰ ঘটনাটোৰ সমাধান আৰু ব্যৱস্থা গ্ৰহণৰ আশাৰে সংগঠনটোৰ নেতৃবৰ্গৰ সৈতে ভূক্তভোগী ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ স্বত্বাধিকাৰী আৰু কাৰ্যালয় সহায়কক সাক্ষাৎ কৰাত হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত সংগঠনটোৰ কেইবাগৰাকীও নেতাক কলেজ কৰ্তৃপক্ষই প্ৰহাৰ কৰাৰ অভিযোগ কৰে ।
আনকি এগৰাকী কৰ্মীৰ মূৰ ফালি যোৱাত ৭ টাকৈ চিলাই কৰিব লগা হয় । লগতে ভুক্তভোগী ছাত্ৰীগৰাকীক অপদস্থ কৰা বুলি অভিযোগ তোলে । পৰিস্থিতি অধিক অৱনতি ঘটাৰ পাছত সংগঠনটোৰ নেতৃবৰ্গ আৰু ছাত্ৰীগৰাকী ন্যায় বিচাৰি ৰঙিয়া থানাত সেইদিনাখনে এজাহাৰ দাখিল কৰে । কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাত এবিভিপিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us