ধুবুৰীত এবিভিপিৰ ৩১তম ৰাজ্যিক অধিৱেশন

বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩১তম ৰাজ্যিক অধিবেশন ধুবুৰীৰ জিলা পুথিভঁ‌ৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
hhhhhhhhhhhg

ডিজিটেল সংবাদ, ধুবুৰীঃ বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩১তম ৰাজ্যিক অধিবেশন ধুবুৰীৰ জিলা পুথিভঁ‌ৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে। আজি এবিভিপিৰ এই ৰাজ্যিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস।

Capturehjhftfu

আজিৰ অনুষ্ঠানত এবিভিপিৰ ৰাজ্যিক সভাপতি ৰিতামণি বৈশ্য, আৰএছএছৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক আদিত্য টাকিয়াকে ধৰি এবিভিপিৰ ৰাজ্যিক সম্পাদক মানস প্ৰতিম কলিতাৰ লগতে বহু গন্য-মান্য ব্যাক্তি উপস্থিত থাকে। এবিভিপিৰ ৩১তম ৰাজ্যিক অধিবেশন উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সংগঠনটোৰ বহু কাৰ্যকৰ্তা ইতিমধ্যে ধুবুৰীত আহি উপস্থিত হৈছে।

এবিভিপি