/asomiyapratidin/media/media_files/2025/11/08/160-2025-11-08-15-53-59.jpg)
ডিজিটেল সংবাদ, কামপুৰ : ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, বিশিষ্ট সমাজ সেৱক আবুবক্কৰ ছিদ্দিক আৰু নাই। শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ইহলীলা সম্বৰণ কৰে তেওঁ।
আবুবক্কৰ ছিদ্দিক অঞ্চলটোৰ এজন অতি জনপ্ৰিয় সমাজ সেৱক হোৱাৰ উপৰিও সাহিত্য সভাৰ এজন নিষ্ঠাৱান কৰ্মী আছিল। মৃত্যুৰ সময়ত পত্নী, তিনি গৰাকী কন্যা আৰু বহু আত্মীয়ক এৰি থৈ যায়।
উল্লেখ কৰা প্ৰয়োজন যে, দুমাহৰ আগৰে পৰা জি এন আৰ চিত চিকিৎসাধীন হৈ থকা ছিদ্দিকৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৯ বছৰ । তেখেতৰ আত্মাৰ চিৰ শান্তি লাভ কৰাৰ কামনা কৰিছে বিভিন্ন দল সংগঠনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us