/asomiyapratidin/media/media_files/2025/10/29/cscsnbn-2025-10-29-21-38-16.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ বিটিআৰৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো বুধবাৰে এবছুৰ উদ্যোগত বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। ওদালগুৰি ৰাজহুৱা দূৰ্গা মণ্ডপৰ পৰা উলিওৱা সমদলত হাতে হাতে প্লেকাৰ্ড লৈ কেইৱা শতাধিক প্ৰতিবাদকাৰীয়ে বিটিআৰ চুক্তি ৰূপায়ণ কৰক, বিদ্যালয় প্ৰাদেশীকৰণ কৰক, এবছু লংলিভ ইত্যাদি শ্লোগান প্ৰদান কৰে।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি এবছু নেতা আনন্দ দৈমাৰীয়ে কয়, "পাঁচ বছৰ উকলি যোৱাৰ পিছতো বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী নহ'ল। সংসদত ১২৫ সংশোধনী কৰা নহ'ল, বিটিআৰ এলেকাৰ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নহ'ল, প্ৰাক্তন এনডিএফবি কেডাৰৰ গোচৰসমূহ প্ৰত্যাহাৰ নহ'ল। ইয়াৰ লগতে বিটিআৰ চুক্তিৰ একাধিক দফা কাৰ্যকৰী নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি এবছুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক দাবী জনাও যে শীঘ্ৰে বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী হব লাগে। আগন্তুক দিনত শীঘ্ৰে দফাসমূহ ৰূপায়ণ নহ'লে আগন্তুক দিনত এবছুৰ নেতৃত্বত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত হৈছো। আজি বিটিআৰৱাসী ৰাইজ জাগি উঠিছে। বিটিআৰৰ উন্নয়ণৰ বাবে দিবলগীয়া পোন্ধৰশ কোটি বিগত পাঁচ বছৰত মুকলি কৰা নহ'ল। গতিকে আমি চৰকাৰক শেষবাৰৰ বাবে দাবী জনাই পৰিৱেশ নষ্ট নোহোৱাকৈ আমাৰ দাবী পূৰণ কৰাৰ আহ্বান জনালো।" বুধবাৰৰ এই প্ৰতিবাদী সমদলত কেইবাটাও সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us