/asomiyapratidin/media/media_files/2025/03/13/ccKgP9bnLxkNIf3jRRMF.jpg)
ডিজিটেল সংবাদ,দোতমা: কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত আজিৰে পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন ৷ অধিবেশনক কেন্দ্ৰ কৰি বডোফা পথাৰ তথা অধিবেশনথলী চালে চকুৰোৱা ৰূপত সজাই তোলা হৈছে।
তদুপৰি অধিবেশনথলীৰ চৌপাশে এবছুৰ হাজাৰ হাজাৰ হালধীয়া পতাকাৰে অঞ্চলটো ভৰি পৰিছে আৰু এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছে । আজি অধিবেশনৰ মুখ্য প্ৰবেশদ্বাৰ উদ্বোধনেৰে অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীয়ে ৷
প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰ দ্বাৰ উদ্বোধন কৰে বিধায়ক তথা উদযাপন সমিতিৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰা অধিবেশনৰ মঞ্চ আৰু মুখ্য ৰভাৰ উদ্বোধন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷
ইয়াৰ পাছতে পৰ্যায়ক্ৰমে প্ৰতিনিধি সভা গৃহ , অতিথিশালা, ভজনালয় গৃহৰ উদ্বোধন কৰা হয় ৷
আজি বিয়লী ৫ বজাৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়া ৭ বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা অনুষ্ঠিত হব ৷
উল্লেখ্য যে অধিবেশনত ৰাজ্যৰ ২২ খন জিলাৰ পৰা পাঁচ হেজাৰ প্ৰতিনিধি আৰু পৰ্যবেক্ষককে অংশগ্ৰহণ কৰিব ৷ ইতিমধ্য আজি পুৱাৰ ভাগতে বহু প্ৰতিনিধি অধিবেশনথলীত উপস্থিত হৈছে ৷ উল্লেখ্য যে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনত এইবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
অমিত শ্বাহে অহা ১৬ মাৰ্চত এবছুৰ কেন্দ্ৰীয় অধিবেশন উপলক্ষে অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব ।আনহাতে অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ১৪ মাৰ্চত অনুষ্ঠিত হবলগীয়া শিক্ষা আৰু যুৱ সমাৰোহ অনুষ্ঠানত অংশ ল'ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷