/asomiyapratidin/media/media_files/2025/08/12/dasdsdsd-2025-08-12-19-49-49.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ সমাগত বিটিচি নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল। ইয়াৰ মাজতে একাংশ ৰাজনৈতিক সভা সমিতিত এবছুৰ নাম উচ্চাৰণক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মঙলবাৰে ওদালগুৰি জিলা এবছুৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে।
সংবাদমেলত দ্বিপেন বড়োৱে সদৰি কৰে যে, "এবছু, বড়ো সাহিত্য সভাকে ধৰি আন আন ১৬ টাকৈ বড়ো জাতীয় সংগঠন আৰু ৩০ টা অন্যান্ন জাতি-জনগোষ্ঠীৰ সংগঠনে বিটিআৰ কেন্দ্ৰীক আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএলৰ মাজত মিত্ৰতা বিচাৰিছো। এই মিত্ৰতা আমি আজিও বিচাৰিছো আৰু ভৱিষ্যতেও বিচাৰিম। মিত্ৰতা সন্দৰ্ভত আমি ১২ আগষ্টলৈ এটা সময়সীমা দিছিলো। আমি এতিয়াও মিত্ৰতাৰ বাবে অপেক্ষা কৰি আছো আৰু দুই তিনিদিনৰ ভিতৰত আমি সংগঠনকেইটাই এক সংবাদমেল সম্বোধন কৰি সকলোকে অৱগত কৰিম।"
নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে, "ইয়াৰ মাজতে আন এক প্ৰসঙ্গ উচ্চাৰিত হৈছে। ২০২০ চনৰ ২৩ ডিচেম্বৰত এবছুলৈ পত্ৰ প্ৰেৰণ কৰা বুলি বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সভা-সমিতিয়ে মন্তব্য প্ৰদান কৰিছে। এই সন্দৰ্ভত আমি স্পষ্ট কৰিব খোজো যে উল্লেখিত বছৰটোৰ ৭ আৰু ১০ ডিচেম্বৰত বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ১২ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল। লগে লগে ১৫ ডিচেম্বৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিছিল। তাৰ পিছতেই বিপিএফ দলে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ফলত ২৬ ডিচেম্বৰত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ বাবে দিন ধাৰ্য কৰা হৈছিল। তেনে সময়তে ২৩ ডিচেম্বৰত এবছুলৈ পত্ৰ প্ৰেৰণ কৰা বুলি বিপিএফ দলটোৱে প্ৰচাৰ চলাই আছে। মই স্পষ্টভাৱে কব বিচাৰো যে সেই সময়ত মই নিজে এবছুৰ সভাপতি আছিলো আৰু বৰ্তমানৰ বিধায়ক লৰেঞ্চ ইছলাৰী সেইসময়ৰ এবছুৰ সাধাৰণ সম্পাদক আছিল। আমাৰ হাতত সকলো তথ্য আছে যে সেই সময়ত আমি কোনো পত্ৰ পোৱা নাছিলো।"
সংবাদমেলখনত এখন পত্ৰ প্ৰদৰ্শন কৰি বড়োৱে লগতে কয়, "এই পত্ৰখনত কোনো ধৰণৰ এবছুৱে লাভ কৰা বুলি স্বাক্ষৰ নাই। তেওঁলোকে হয়টো পত্ৰখন প্ৰেৰণৰ বাবে যো-জা চলাইছিল বা পত্ৰ প্ৰেৰণৰ বাবে কাৰোৱাক পঠিয়াইছিল। কিন্তু বডোফা হাউচৰ ঠিকনালৈ লিখা কৰা পত্ৰখন সন্দৰ্ভত আমাৰ ৰিছিভ ৰেকৰ্ডত কোনো তথ্য পোৱা নাই। কিন্তু এইপত্ৰখন এটা পত্ৰ বোমাৰ দৰে হৈছে। আচলতে ৰাজনৈতিক দলক একগোট কৰা বা মিলোৱা ক্ষেত্ৰত সেই সময়ত নিৰ্বাচনী ফলাফলৰ পাছত একাংশ শুভাকাংক্ষীয়ে আশা কৰিছিল যে বিপিএফ বা ইউপিপিএল দল একলগ হওঁক আৰু চৰকাৰ গঠন কৰক। বিষয়টো সন্দৰ্ভত বিভিন্ন দিশত সেই সময়ত আলোচনাও হৈছিল এয়া সত্য। কিন্তু এবছুলৈ হাগ্ৰামাই পত্ৰ প্ৰেৰণ কৰা বুলি কৈ আছে যদিও তেনে সময়ত আমি কোনো পত্ৰ পোৱা নাছিলো বা আমি এনে কোনো পত্ৰ ৰিছিভ কৰা তথ্য আমাৰ হাতত নাই। গতিকে বিপিএফৰ মুৰব্বী মহিলাৰীয়ে স্পষ্ট কৰিব লাগে যে কাৰ জৰিয়তে তেওঁলোকে এই পত্ৰ এবছুলৈ প্ৰেৰণ কৰিছে।" উল্লেখ্য যে, বিপিএফে এবছুলৈ প্ৰেৰণ কৰা বুলি দাবী কৰা পত্ৰখনত ২০২০ চনৰ বিটিচি নিৰ্বাচনৰ অন্তত চৰকাৰে শপত গ্ৰহণৰ পিছত বিপিএফ আৰু ইউপিপিএল দল একলগ হৈ চৰকাৰ গঠন কৰিব পাৰি নেকি বুলি বিবেচনা কৰাৰ কথা উল্লেখ আছে বুলি আজিৰ সংবাদমেলখনত এবছু সভাপতিগৰাকীয়ে মন্তব্য কৰে।
আনহাতে, বিপিএফ-ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভত ১২ আগষ্টৰ দিনটো আছিল অন্তিম সময়সমীমা। সেই সন্দৰ্ভত মন্তব্য কৰি বড়োৱে কয়, "আমি এতিয়াও আশাবাদী যে দুই দলৰ মুৰব্বীয়ে আগবাঢ়ি আহি মিত্ৰতাৰ বিষয়টোত গুৰুত্ব দিব লাগে। আমি হাগ্ৰামাৰ সৈতে বৈঠকত বহাৰ কথা পত্ৰযোগে প্ৰেৰণ কৰিছিলো যদিও বৰ্তমান পৰ্যন্ত সেই পত্ৰৰ কোনো সহাৰি বা উত্তৰ অহা নাই। যোৱা ১০ আগষ্ট তাৰিখে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত ১৬ টাকৈ বড়ো দল-সংগঠনে হাউলীস্থিত বড়োলেণ্ড গেষ্ট হাউছত আলোচনাত মিলিত হৈছিলো। কিন্তু জাতিৰ স্বাৰ্থত হাগ্ৰামাৰ লগত আলোচনাৰ বাবে এতিয়াও আশাবাদী হৈ আছো। ইয়াৰ মাজতে ২০২০ চনৰ ২৩ ডিচেম্বৰ তাৰিখৰ পত্ৰখন ধুমকেতুৰ দৰে ওলাই পৰিল। যিখন পত্ৰ আমি এবছুৱে সেই সময়ত লাভ কৰা নাছিলো।"
ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ষষ্ঠ অনুসূচী আৰু ট্ৰাইবেল বেল্ট-ব্লক সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত সভাপতি বড়োৱে কয়, "নিৰ্বাচনী প্ৰচাৰৰ নামত কোনো জাতি জনগোষ্ঠীক আঘাত হানিব পৰা মন্তব্য প্ৰদান কৰিব নালাগে। শইকীয়াৰ মন্তব্যৰ পিছতে বিটিআৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ কেতিয়াও আপোচ নকৰো। বিটিচি চুক্তিত এই অঞ্চলৰ জনজাতি আৰু অজনজাতিসকলৰ অধিকাৰৰ বিষয়টো স্পষ্টভাৱে উল্লেখ আছে। ১৯ টা ট্ৰাইবেল বেল্ট ব্লক সামৰিহে এই অঞ্চলত জনসাধাৰণ বাস কৰে। সেই অনুসৰিহে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্তি কৰা হৈছে। বহু শ্বহীদৰ বিনিময়ত বিভিন্ন জনজাতিক সুৰক্ষিত শ্ৰেণীত ৰখাৰ বাবে এই অধিকাৰ প্ৰদান কৰা হৈছে। আইন আৰু ব্যৱস্থাৰ অধীনত সকলোৱে মাটিৰ পট্টা পাওঁক। তাত কব লগীয়া একো নাই। কিন্তু কাৰোৱাক আঘাত হানি এনেধৰণৰ মন্তব্য যাতে পুনৰ নিদিয়ে তাৰ বাবে দিলীপ শইকীয়াক আহ্বান জনাইছো।" এই সংবাদমেলত এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, ওদালগুৰি জিলা এবছুৰ সভাপতি কৰ্ণেলিয়াছ দৈমাৰীও উপস্থিত থাকে।