/asomiyapratidin/media/media_files/2025/06/03/busxJmwl8kNAEaVsJadP.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ পুনৰ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল দ্বীপেন বড়ো। কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা এবছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাৰ যোগেদি দ্বীপেন বড়োক প্ৰতিনিধি সভাই সৰ্বসন্মতি ক্ৰমে সভাপতি হিচাপে নিৰ্বাচিত কৰে ।
এবছুৰ সভাপতি হিচাপে দ্বীপেন বড়োৰ এয়া হ'ল তৃতীয়টো কাৰ্যকাল। আনহাতে এবছুৰ সাধাৰণ সম্পাদক পদত পুণৰাই খনীন্দ্ৰ বসুমতাৰীকে পৰবৰ্তী কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে প্ৰতিনিধি সভাই। তদুপৰি উপ সভাপতি পদত খৌৰৌমদাও ওৱাৰী আৰু উমেশ দৈমাৰী, সহ সাধাৰণ সম্পাদক পদত দীনেশ ব্ৰহ্মকে আজি ২৭ জনীয়া এবছুৰ পূৰ্ণাঙ্গ সমিতিখন গঠন কৰা হয়।
আজিৰ প্ৰতিনিধি সভাত সকলো ৰাজ্যিক, জিলা, আঞ্চলিক সমিতি আৰু সংযুক্ত ইউনিটসমূহে অংশগ্ৰহণ কৰে আৰু আগন্তুক দুইবছৰীয়া কাৰ্যকালৰ বাবে এবছুৰ পূৰ্ণাঙ্গ কমিটি গঠন কৰে। ইপিনে প্ৰতিনিধি সভাত তৃতীয়বাৰৰ বাবে এবছুৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ দ্বীপেন বড়োৱে সংবাদ মাধ্যমৰ আগত আৱেগত কান্দি উঠে।
কেমেৰাৰ সন্মুখত কান্দি কান্দি দ্বীপেন বড়োৱে কয় যে নতুন প্ৰজন্মক দায়িত্ব অৰ্পন কৰিবলৈ প্ৰতিনিধি সভাত অনুৰোধ কৰিছিলো যদিও পুণৰাই মোৰ গাতে সভাপতিৰ দায়িত্ব দিলে। মনৰ কথা মনতেই থাকি গ'ল বুলি উল্লেখ কৰি দ্বীপেন বড়োৱে কয় যে শুভকাংক্ষী সকলে যেতিয়া মোক সোধে আপুনি দায়িত্ব এৰিব বিচৰা নাই নে সংগঠনে দায়িত্বৰ পৰা ৰেহাই দিয়া নাই,তেতিয়াই বৰ দুখ লাগে বুলি কান্দি উঠি দ্বীপেন বড়োৱে কয় যে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কষ্ট হয়।
সভাপতি হিচাপে তেওঁ কিছু চৰ্ত আৰু সীমাবদ্ধতা ৰাখিছে বুলি মন্তব্য কৰি দ্বীপেন বড়োৱে জাতিক আগস্থান দি জাতি সদায় আগত , জাতিৰ হকে কাম কৰি যাম বুলি মন্তব্য কৰিছে। জাতিতকৈ ৰাজনীতি ডাঙৰ নহয় বুলি মন্তব্য কৰি জাতিয়তাবাদক আগুৱাই নি বডোফাৰ সপোন বাস্তৱত ৰূপায়ন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে দ্বীপেন বড়োৱে ।
জাতিৰ স্বাৰ্থত,জাতিৰ হকে কাম কৰাৰ এশ শতাংশ প্ৰতিশ্ৰুতি প্ৰদান কৰি দ্বীপেন বড়োৱে বিটিআৰ চুক্তিৰ এশ শতাংশ ৰূপায়ন, বড়ো মাধ্যমৰ উন্নয়ন , গুণগত সেৱা, কাৰিকৰী আৰু বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে নিবনুৱা যুৱক-যুৱতীসকল আগবঢ়াই নি সংস্থাপনৰ বাট মুকলি কৰাৰ বাবে কাম কৰাৰ পোষকতা কৰিছে। তদুপৰি এবছুক অধিক শক্তিশালী ৰূপত গঢ় দিয়া হ'ব বুলি মন্তব্য কৰি দ্বীপেন বড়োৱে কয় যে এতিয়াৰে পৰা প্ৰতিজন এবছু কৰ্মীয়ে প্ৰশিক্ষণ ল'ব লাগিব।
বডোফা কেম্প নামেৰে প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ'ব য'ত এবছুৰ কৰ্মীসকলক ৩ আৰু ৫দিনীয়াকৈ স্বাস্থ্য, শিক্ষা, আচৰণ, জ্ঞান আদিৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখ্য যে, এবছুৰ সভাপতি পদৰ পৰা দ্বীপেন বড়োৱে বিদায় ল'ব বুলি ব্যাপক চৰ্চা হৈছিল।
এই সন্দৰ্ভত বহু মুখচৰক বাতৰিও পৰিবেশন হৈছিল যদিও দ্বীপেন বড়োৰ ওপৰত আস্থা ৰাখি পুণৰাই প্ৰতিনিধি সভাই এবছুৰ সভাপতি হিচাপে দ্বীপেন বড়োকে নিৰ্বাচিত কৰে। আজিৰ প্ৰতিনিধি সভাই সভাপতি,সাধাৰণ সম্পাদক, উপ সভাপতি , সহ সম্পাদকৰ পদত কোনো ধৰণৰ সালসলনি নকৰিলে যদিও আন পদত কেইগৰাকীমান নতুন মুখ সন্নিবিষ্ট কৰিছে।
প্ৰণিধানযোগ্য যে, কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত যোৱা ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ অনুষ্ঠিত হোৱা এবছুৰ ৫৭তম কেন্দ্ৰীয় অধিবেশনত গৃহমন্ত্ৰীৰ আগমনৰ ব্যস্ততাক লৈ প্ৰতিনিধি সভা স্থগিত হৈছিল। ইয়াৰ পিছত স্থগিত প্ৰতিনিধি সভা পুণৰাই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু তাৰিখ ঠিক কৰা হৈছিল, যদিও পুণৰাই দুবাৰৰ বাবে প্ৰতিনিধি সভা স্থগিত হয়।
অৱশেষত আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এবছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাৰ যোগেদি দ্বীপেন বড়োক সভাপতি আৰু খনীন্দ্ৰ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে ২৭ জনীয়া কমিটি গঠন কৰে। আজিৰ প্ৰতিনিধি সভাৰ পূৰ্বে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।