BTC সচিবালয় লণ্ড ভণ্ড কৰাসকলৰ বাবে আহি আছে বেয়া দিন...

৬জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন যোৱা শনিবাৰে অসম বিধানসভাত দাখিল কৰাৰ পূৰ্বেই বি টি চিত সূচনা হৈছিল এক প্ৰকাৰৰ ছাত্ৰ বিদ্ৰোহৰ। এবছুৰ নেতৃত্বত বহুকেইটা ছাত্ৰ সংগঠন নেতা-সদস্যই  বি টি চি

author-image
Asomiya Pratidin
New Update
ujjjjdd

ডিজিটেল ডেস্কঃ  ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন যোৱা শনিবাৰে অসম বিধানসভাত দাখিল কৰাৰ পূৰ্বেই বি টি চিত সূচনা হৈছিল এক প্ৰকাৰৰ ছাত্ৰ বিদ্ৰোহৰ। এবছুৰ নেতৃত্বত বহুকেইটা ছাত্ৰ সংগঠন নেতা-সদস্যই  বি টি চি সচিবালয়ত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰিছিল সা-সামগ্ৰী।

সচিবালয়ৰ চকী-মেজ ভাঙি পেলোৱাৰ লগতে বি টি চিৰ সদনত প্ৰৱেশ কৰিও বহু সামগ্ৰী ভাগি লণ্ড-ভণ্ড কৰিছিল। এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২৪ঘন্টাৰ পাছত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈছে সচিবালয় কৰ্তৃপক্ষ।  বি টি চি সচিবালয়ৰ সচিবে কোকৰাঝাৰ আৰক্ষী থানাত এই প্ৰতিবাদীকাৰী সকলৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

ujjdd

এবছুৰ লগতে অন্যান্য বড়ো ছাত্ৰ সংগঠনে বলপূৰ্বকভাৱে সচিবালয়ত প্ৰৱেশ কৰি চৰকাৰী সামগ্ৰী অনিষ্ট কৰাৰ অভিযোগ আনিলে সচিবগৰাকীয়ে। এইসকলৰ বিৰুদ্ধে উচিত বিচাৰ কৰি ব্যৱস্থাগ্ৰহণৰ দাবী জনালে বি টি চি সচিবালয়ৰ সচিবগৰাকীয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৯নৱেম্বৰত সচিবালয়ত শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সচিবালয়ত নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীকো কেৰেপ কৰা নাছিল প্ৰতিবাদকাৰীসকলে। ৰুদ্ৰ ৰূপ ধাৰণ কৰি এই প্ৰতিবাদকাৰী সকলে জনজাতিকৰণৰ বিৰোধিতা কৰি সচিবালয়ৰ শৌচাগাৰৰ পৰা আদি কৰি সদনৰ টিভি, চকী-মেজ সকলো ভাঙি পেলাইছিল। 

কোকৰাঝাৰ