'ছয় জনগোষ্ঠীৰ জনজাতিকৰণ' প্ৰসংগক লৈ কোকৰাঝাৰত এবছুৰ বৌদ্ধিক সন্মিলন...

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আজি কোকৰাঝাৰত বিভিন্ন বড়ো জাতীয় সংগঠনক লৈ এক বৌদ্ধিক সন্মিলন অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ দেৱৰগাঁওস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ নীলশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৌদ্ধিক সন্মিলনত

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ  নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আজি কোকৰাঝাৰত বিভিন্ন বড়ো জাতীয় সংগঠনক লৈ এক বৌদ্ধিক সন্মিলন অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ দেৱৰগাঁওস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ নীলশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৌদ্ধিক সন্মিলনত বড়ো সমাজৰ ২৫ টা দ'ল -সংগঠনৰ নেৰ্তৃবৰ্গৰ লগতে বুদ্ধিজীৱি , সমাজ সচেতক , শিক্ষাবিদ আদিকে ধৰি প্ৰায় ১২০০ লোকৰ উপস্থিতি আছিল। উক্ত সন্মিলনত ধেমাজি, লক্ষীমপুৰ, গোৱালপাৰা, কাৰ্বিআংলং, ওদালগুৰি, বাগছা, চিৰাং, কোকৰাঝাৰ আদিকে ধৰি আন ঠাইৰ পৰাও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।

বৌদ্ধিক সন্মিলনত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে ছয় জনগোষ্ঠীৰ প্ৰতি আমাৰ মান-মৰ্যদা আছে আৰু কোনো বিৰূপ মনোভাৱ নাই।কিন্তু আমি আমাৰ নিজৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ বাবে আমাৰ কথা দাঙি ধৰিবই লাগিব। এবছু , চিচিঅ'টিএ আৰু ট্ৰাইবেল সংঘই নিজৰ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি যাব ।

তিনিজনীয়া মন্ত্ৰীগোটে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত প্ৰতিবেদন দাখিল কৰাৰ পিছত উক্ত প্ৰতিবেদন  আমি সেয়েহে একেষাৰে নাকচ কৰিছিলো। ইয়াৰোপৰি প্ৰতিবাদ আৰু প্ৰতিবেদন দাহ কৰা হৈছিল । তাৰপিছতেই চিচিঅ'টিএৰ সতে মন্ত্ৰীগোটৰ অধ্যক্ষ ৰণোজ পেগুৰ উপস্থিতিত আলোচনা কৰা হৈছিল।উক্ত আলোচনা কালত অন্তবৰ্তীকালিন পৰামৰ্শ চৰকাৰক দাখিল কৰা হৈছে আৰু পুণৰাই একমাহৰ ভিতৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক পূৰ্ণাংগ পৰামৰ্শমুলক প্ৰতিবেদন দাখিল কৰা হ'ব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকলৈ গৃহমন্ত্ৰীৰ উপস্থিতিত আলোচনা কৰাৰ দাবী উত্থাপন কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

আনহাতে আজিৰ বৌদ্ধিক সন্মিলনত ইতিহাসৰ পৰা আজিলৈ কি হ'ল , কি হ'বলৈ গৈ আছে , ৪৫ লাখ জনজাতিৰ ওপৰত ২ কোটি জাপি দিলে বৰ্তমানৰ জনজাতিসকলৰ ভৱিষ্যত কি হ'ব সেই সন্দৰ্ভত আজি আলোচনা কৰা হৈছে বুলি মন্তব্য কৰিছে দ্বীপেন বড়োৱে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হলে বৰ্তমানৰ জনজাতিসকলৰ ৰাজনৈতিক , সাংবিধানিক , ভূমি , অস্তিত্ব -পৰিচয় , সংৰক্ষণ , শৈক্ষিক - নিযুক্তি আদিকে ধৰি সকলো বিষয়ৰ ওপৰত প্ৰভাৱ পৰিব বুলি মন্তব্য কৰি দ্বীপেন বড়োৱে কয় যে কি পন্থাৰে আগবাঢ়ি যোৱা হ'ব সেয়া নিৰ্ধাৰণ কৰিব লাগিব।

এইক্ষেত্ৰত এবছু , চিচিঅটিএ আৰু ট্ৰাইবেল সংঘই নিজৰ অধিকাৰৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে দ্বীপেন বড়োৱে । ইপিনে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। তেওঁ কয় -বদনে যেনেকৈ মানক মাতি আনি নিজৰ জাতি ধ্বংস কৰিছিল ঠিক তেনেদৰে হাগ্ৰামা মহিলাৰীৰ কথা-কাণ্ড , কাম একেই দিশত গৈ থকা দেখা পাইছো। হাগ্ৰামা জাতিৰ লগত নে ৰাজনীতিৰ লগত নে এনঅ'চিৰ লগত বুলি প্ৰশ্ন উত্থাপন কৰি দ্বীপেন বড়োৱে কয় যে হাগ্ৰামাই যি এনঅ'চি দিছে সেই সন্দৰ্ভত মিছা কথা কৈছে হাগ্ৰামাই।

হাগ্ৰামা মহিলাৰীয়ে গৃহ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰনালয়ক দিয়া এনঅ'চিত বৰ্তমানৰ জনজাতিসকলৰ ক্ষয়ক্ষতি নোহোৱাকৈ জনজাতি দিয়াত আমাৰ আপত্তি নাই বুলি উল্লেখ নাই বৰং চিধাচিধি জনজাতি দিব লাগে বুলি উল্লেখ আছে বুলি দাবী কৰি হাগ্ৰামাৰ যদি আকৌ এনঅ'চি দিবৰ মন থাকিলে দিয়ক বুলি কটাক্ষ কৰিছে দ্বীপেন বড়োৱে। তদুপৰি হাগ্ৰামাই মিছাতেই এবছুক টাৰ্গেট কৰি আছে আৰু এয়া শুভ লক্ষণ নহয় বুলি মন্তব্য কৰি জাতিৰ অস্তিত্ব আৰু সংকটৰ সময়ত হাগ্ৰামা মহিলাৰী জাতিৰ লগত নে ৰাজনীতিৰ লগত নে এনঅ'চিৰ লগত সেয়া হাগ্ৰামা মহিলাৰীক স্পষ্ট কৰিবলৈ আহ্বান জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

নিখিল বড়ো ছাত্ৰ সন্থা