শীঘ্ৰে শান্তি ঘূৰাই অনাৰ স্বাৰ্থত কাম কৰিবলৈ চৰকাৰক আহ্বান এবছুৰ

কাৰ্বি আংলঙৰ অনাকাংক্ষিত, অপ্ৰীতিকৰ, দূৰ্ভাগ্যজনক ঘটনাক গভীৰ দুখ প্ৰকাশ কৰি অঞ্চলটোত শীঘ্ৰে শান্তি ঘূৰাই অনাৰ স্বাৰ্থত কাম কৰিবলৈ চৰকাৰক আহ্বান জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে।

author-image
Asomiya Pratidin
New Update
web bodo

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কাৰ্বি আংলঙৰ অনাকাংক্ষিত, অপ্ৰীতিকৰ, দূৰ্ভাগ্যজনক ঘটনাক গভীৰ দুখ প্ৰকাশ কৰি অঞ্চলটোত শীঘ্ৰে শান্তি ঘূৰাই অনাৰ স্বাৰ্থত কাম কৰিবলৈ চৰকাৰক আহ্বান জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে।

আজি কোকৰাঝাৰৰ বাগানশালিস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত হোৱা এক সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে, এনে দূৰ্ভাগ্যজনক তথা হিংসাত্মক ঘটনা সংঘটিত হ'ব নালাগিছিল। এই দুৰ্যোগৰ মুহুৰ্তত কাৰ্বিআংলংত বসৱাস কৰা কাৰ্বি ৰাইজৰ লগত , জনজাতিৰ লগত, অসমীয়া খিলঞ্জীয়া ৰাইজৰ লগত এবছু আৰু বড়ো ৰাইজ থিয় হৈছো বুলি উল্লেখ কৰে নেতাগৰাকীয়ে।

ষষ্ঠ অনুসূচীৰ ৰক্ষণাবেক্ষণৰ বাবে, অস্তিত্বৰ বাবে, ভূমিৰ অধিকাৰৰ বাবে, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ৰক্ষণাবেক্ষণৰ বাবে কাৰ্বিআংলং, ডিমাহাছাও আৰু বিটিচিয়ে একেলগে কাম কৰি যোৱাটো সময়ৰ আহ্বান বুলি মন্তব্য কৰি দ্বীপেন বড়োৱে কয় যে, প্ৰতিবাদ কৰিবলৈ যাওঁতে হিংসাৰ পথ নলৈ, আইন হাতত তুলি নলৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণ প্ৰতিবাদ হোৱা উচিত। হিংসাত্মক ঘটনাত দুগৰাকীকৈ কাৰ্বি ব্যক্তি নিহত হোৱা ঘটনাত গভীৰ দুখ প্ৰকাশেৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ঘটনাটো কিয় হ'বলৈ পালে তাৰো কাৰণ বাখ্যা কৰে। 

দ্বীপেন বড়োৱে লগতে উল্লেখ কৰে যে, ১৩ দিন ধৰি শান্তিপূৰ্ণভাৱে অনশন কৰি থকা অনশনকাৰীক জুৰ-জুলুমকৈ পুৱতি নিশা উঠাই নিয়াটো ভুল হৈছিল ৷ যদিহে শাৰীৰিক অসুস্থতা আছিল তেতিয়াহলে চিকিৎসক, নাৰ্ছ আহি চিকিৎসা কৰিব লাগিছিল। বলপূৰ্বকভাৱে উঠাই নিয়াৰ পৰিণতিতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু তাৰ পৰাই ঘটনাৰ সূত্ৰপাত হোৱাৰ থল আছে বুলি মন্তব্য কৰি দ্বীপেন বড়োৱে কয় যে, অনশনকাৰীৰ দাবীক মান্যতা দি কাৰ্বিআংলং আৰু অসম চৰকাৰে শান্তি আলোচনা কৰিব লাগে আৰু ভূমিপুত্ৰ জনজাতি সকলৰ অধিকাৰ সুনিশ্চিত কৰাত ষষ্ঠ অনুসূচীৰ সুৰক্ষা প্ৰদানত কৰ’বাত ব্যৰ্থ হৈছে নেকি সেই সন্দৰ্ভতো ধ্যান দিয়া উচিত বুলি মন্তব্য কৰিছে।

ইপিনে, বিটিচিতো মাটিৰ পট্টা দিবলৈ গৈ আছে আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে সভাই সমিতিয়ে ঘোষণা কৰি থকাটো দৃষ্টিগোচৰ হৈছে বুলি মন্তব্য কৰি দ্বীপেন বড়োৱে ভূমি পট্টা দিয়া প্ৰক্ৰিয়াটোক আদৰণি জনাই কয় যে, ভূমি পট্টা দিওঁতে ষষ্ঠ অনুসূচীৰ বিটিচিত অবৈধ অনুপ্ৰৱেশকাৰী আৰু অবৈধ ভাৰতীয় নাগৰিকে যাতে মাটিৰ পট্টা লাভ নকৰে সেয়া নিশ্চিত হ'ব লাগে। প্ৰকৃত ভাৰতীয় নাগৰিক, জনজাতি, খিলঞ্জীয়া অসমীয়াই নীতি-নিয়মৰ মাজেদি মাটিৰ পট্টা পাওঁক কিন্তু অবৈধ নাগৰিকক ভোট বেংকৰ স্বাৰ্থত যদি মাটিৰ পট্টা প্ৰদান কৰে তেন্তে বিটিচি বা ষষ্ঠ অনুসূচীৰ সুৰক্ষা ক’ত বুলি প্ৰশ্ন উত্থাপন কৰিছে দ্বীপেন বড়োৱে।

তদুপৰি, ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাত জনজাতি আৰু সংৰক্ষিত শ্ৰেণী লোকৰ বাহিৰে যাতে অইন কোনো লোকক মাটিৰ পাট্টা দিয়া নহয় তাৰ বাবে বিটিচি চৰকাৰক আহ্বান জনাইছে দ্বীপেন বড়োৱে ৷ আনহাতে, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰৰ আন স্থানত যিকোনো জাতি জনগোষ্ঠীৰ প্ৰকৃত ভাৰতীয় নাগৰিকক ভূমিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত এবছুৰ একো কবলগীয়া নাই কিন্তু অবৈধ ভাৰতীয় নাগৰিকে যাতে মাটিৰ পট্টা নাপায় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব বুলিও মন্তব্য কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । আজিৰ সংবাদমেলত এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীও উপস্থিত আছিল। 

এবছু