/asomiyapratidin/media/media_files/2025/12/29/fdtreswdsfdsdrd3-2025-12-29-19-34-39.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ শেহতীয়াকৈ ডেৰাডুনত সংঘটিত হৃদয়বিদাৰক ঘটনা সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে ত্ৰিপুৰাৰ এগৰাকী মেধাৱী এমবিএৰ ছাত্ৰ এঞ্জেল চাকমা বৰ্ণ বৈষম্যত বলি হোৱা কাৰ্যক গৰিহনা জনায়।
দ্বিপেন বড়োৱে সদৰী কৰে যে, ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ৱাঞ্চলৰ এগৰাকী ভাৰতীয় নাগৰিক ছাত্ৰগৰাকীক ছাইনীজ বুলি উল্লেখ কৰিছিল। তেওঁক লোমহৰ্ষকভাৱে আক্ৰমণ কৰি হত্যা কৰা হ'ল। এই ঘটনাক আমি দুখ প্ৰকাশ কৰিছো আৰু দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছো। এইক্ষেত্ৰত ভাৰত চৰকাৰ, উত্তৰাখণ্ড চৰকাৰ, অসম চৰকাৰৰ লগতে উত্তৰ-পূৰ্ৱাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো। লগতে উত্তৰ-পূৰ্ৱাঞ্চলৰ শিক্ষাৰ্থীকে ধৰি নাগৰিকৰ সুৰক্ষাৰ দাবী জনাইছো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us