/asomiyapratidin/media/media_files/2025/10/12/whatsapp-imagem-2025-10-12-19-33-12.jpeg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হোৱা বিটিআৰ চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰিবলৈ দাবী জনাই এবছুৱে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই সন্দৰ্ভত এবছুৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ বডোফা হাউচত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এক সংবাদমেল সম্বোধন কৰি যোৱা ৮ অক্টোবৰত ৰঙিয়াত অনুষ্ঠিত হোৱা এবছুৰ কেন্দ্ৰীয় বিশেষ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমুহৰ বিষয়ে সদৰি কৰে।
সেই অনুসৰি বড়ো শান্তি চুক্তি ৰূপায়ন নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়ে সদৰি কৰি কয় যে, চুক্তি ৰূপায়নৰ দাবীৰে অক্টোবৰৰ শেষ ভাগত প্ৰতিখন জিলাত ৰেলীৰ আয়োজন কৰা হৈছে। তদুপৰি নৱেম্বৰ মাহৰ শেষভাগত নতুন দিল্লীত চুক্তি ৰূপায়নৰ দাবীৰে এবছুৱে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব।
ইফালে, আগন্তুক ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া শীতকালিন অধিবেশনৰ পূৰ্বে সংবিধানৰ ১২৫ তম সংশোধনী বিধেয়ক (ষষ্ঠ অনুসূচী) গৃহীত কৰাৰ দাবী উত্থাপন কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। তদুপৰি শীতকালিন অধিবেশনৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এক ত্ৰিপাক্ষিক বৈঠকৰ দাবী উত্থাপন কৰিছে এবছুৰ সভাপতিগৰাকীয়ে। ষষ্ঠ অনুসূচীৰ বাহিৰত বসৱাস কৰা বড়ো সকলৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা, বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা, ফৰেষ্ট ডুৱেলাৰ্চ আইন কাৰ্যকাৰী কৰা, বিটিআৰত অধিক গাঁও অন্তৰ্ভুক্তিকৰণ কৰা আৰু সীমা সম্প্ৰসাৰণ কৰাৰ দাবীও উত্থাপন কৰিছে দ্বীপেন বড়োৱে।
আনহাতে, অইন বৰ্ষৰ দৰে এইবেলিও বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এবছুৱে। সেইমৰ্মে অহা ১৪ ডিচেম্বৰত বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে, বিটিআৰত মেলাৰ নামত শেহতীয়াকৈ বৃদ্ধি পোৱা জুৱা, মদ, ড্ৰাগছৰ প্ৰচলনক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। যোৱা পাঁচ বছৰ অসামাজিক কাৰ্যাকলাপ সমুহ বন্ধ আছিল যদিও শেহতীয়াভাৱে বৃদ্ধি পাইছে। যিকোনো পূজাৰ সময়ত, মেলাৰ নামত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা জুৱা , মদ, অসামাজিক কাৰ্যকলাপ কঠোৰ ভাৱে ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনক দাবী উত্থাপন কৰাৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীকো এইক্ষেত্ৰত পদক্ষেপ লবলৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে আহ্বান জনাইছে ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো স্থিতি স্পষ্ট কৰিলে এবছুৱে
কোকৰাঝাৰৰ বডোফা হাউচত আজি অনুষ্ঠিত হোৱা এবছুৰ সংবাদমেলত সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এবছুৰ স্থিতি ঘোষণা কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । তেওঁ কয় যে, অসমত থকা ১৪ টা জনজাতিৰ খিলঞ্জীয়া লোকসকল সদায় লাঞ্চিত -বঞ্চিত -শোষিত হৈ আহিছে। ১৪ টা জনজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ কৰি আহিছো আৰু যুঁজ কৰি যাম। ১৪ টা জনজাতিৰ ক্ষয়ক্ষতি কৰি, আঘাত দি নতুন জনজাতিকৰণ কৰাটো আমি কেতিয়াও নিবিচাৰো।
ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত জনজাতি সমন্বয়ৰক্ষী সমিতিৰ স্থিতিও পূৰ্বৰ দৰে একে আছে। বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষয়ক্ষতি নকৰাকৈ কাৰোবাক ৰাজনৈতিক -অৰ্থনৈতিক বা সাংবিধানিকভাৱে সুবিধা দিলে আমাৰ কব লগা একো নাই কিন্তু আমাক আঘাত দি , ক্ষয়ক্ষতি কৰি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা উচিত নহয় বুলি মন্তব্য কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । উল্লেখ্য যে আজিৰ সংবাদমেলত এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী আৰু উপ -সভাপতি খৌৰৌমদাও ওৱাৰী উপস্থিত আছিল।