কাজলগাঁৱত এবছুৰ জোঁৰ সমদলঃ বিটিআৰ শান্তিচুক্তি ১০০% ৰূপায়ণৰ দাবী

প্ৰয়োজনত আমি পুনৰ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবী উত্থাপন কৰি ৰাজপথত নামিবলৈ বাধ্য হম বুলি হুংকাৰ প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,চিৰাং:  অনাগত দিনত যদি অসম তথা কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসাৰে বিটিআৰ শান্তিচুক্তিৰ দফাসমূহ এশ শতাংশ ৰূপায়ণ নকৰে আৰু বড়ো সকলৰ সৈতে প্ৰতাৰণা কৰে তেনেহলে আমি হাত সাবতি বহি নাথাকো । প্ৰয়োজনত আমি পুনৰ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবী উত্থাপন কৰি ৰাজপথত নামিবলৈ বাধ্য হম বুলি হুংকাৰ প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ।

আজি সমগ্ৰ বিটিআৰ এলেকাৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো বিটিআৰ শান্তিচুক্তিৰ প্ৰতিটো দফা এশ শতাংশ ৰূপায়িত কৰাৰ দাবীত চিৰাং জিলা সদৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত উলিওৱা বিশাল জোঁৰ সমদলত অংশগ্ৰহণ কৰি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।

তেখেতে আৰু কয় যে তিনিটা দশক জোৰা সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত  ঐতিহাসিক বিটিআৰ শান্তি চুক্তি সম্পাদিত হৈছিল। বিটিআৰ শান্তিচুক্তি সম্পাদিত হোৱা পাঁচ বছৰ উকলি যাবৰ হল কিন্তু এতিয়াও বিটিআৰ শান্তিচুক্তিৰ বহুকেইটা গুৰুত্বপূৰ্ণ দফা সমূহ এতিয়াও ৰূপায়ন কৰা হোৱা নাই।

সেই দফা সমূহ এশ শতাংশ কাৰ্য্যকৰী কৰাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি আমি এই জোঁৰ সমদল উলিয়াইছো । বিটিআৰ শান্তিচুক্তি দফা সমূহ ৰূপায়ন কৰিবলৈ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো যদি চৰকাৰে আমাৰ লগত প্ৰতাৰণা কৰে তেনেহলে বিটিআৰ শান্তিচুক্তিৰ অন্যতম স্বাক্ষৰকাৰী বড়ো জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে অন্যান্য বড়ো জাতীয় দল সংগঠনে বিষয়টো সহজভাৱে গ্ৰহণ নকৰে।

অনাগত দিনতো যদিবিটিআৰ শান্তিচুক্তিৰ গুৰুত্বপূৰ্ণ দফাসমূহ অসম তথা কেন্দ্ৰীয় কাৰ্য্যকৰী নকৰে তেনেহলে আমি হাত সাবতি বহি নাথাকো । প্ৰয়োজনত আমি পুনৰ পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰি ৰাজপথত নামিবলৈ বাধ্য হোৱাৰ হুংকাৰ প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ।

কাজলগাঁও স্থিত এবছুৰ জিলা কাৰ্য্যালয়ৰ পৰা উলিওৱা আজিৰ এই জোঁৰ সমদলৰ নেতৃত্ব প্ৰদান কৰে এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে। সমদলৰ আৰম্ভণিতেই বিটিআৰ শান্তিচুক্তিৰ দফাসমূহ এশ শতাংশ ৰূপায়ন কৰাৰ দাবীত এটি আঠ দফীয়া দাবী সম্পন্ন স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

কাজলগাঁও