/asomiyapratidin/media/media_files/2025/09/20/absu-20-2025-09-20-12-26-14.jpg)
ডিজিটেল ডেস্কঃ ছিংগাপুৰত অকাল মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। এক বিবৃতিত এবছুৱে শিল্পী, গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰস অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক আৰু দুখ প্ৰকাশ কৰিছে।
বিবৃতিত তেওঁলোকে জুবীন গাৰ্গক কেৱল এজন সংগীতশিল্পী নহয় বুলি উল্লেখ কৰি কয় যে, তেওঁ আছিল এক প্ৰতিষ্ঠান, একতা, পৰিচয় আৰু প্ৰেৰণাৰ প্ৰতীক। যিয়ে অসম তথা অসমৰ বাহিৰতো কোটি কোটি মানুহক স্পৰ্শ কৰিছিল। নিজৰ অনুপম কণ্ঠৰ জৰিয়তে বড়ো সংগীতলৈও অমূল্য অৱদান আগবঢ়োৱাৰ কথা উল্লেখ কৰি সংগঠনটোৱে কয়, কলা, সংস্কৃতি আৰু সমাজৰ প্ৰতি তেওঁৰ এই অনন্য অৱদান সদায় স্মৰণীয় হৈ থাকিব আৰু আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।
জুবিনৰ অনুপস্থিতিত যদিও শূন্যতাৰ সৃষ্টি হৈছে তথাপিও তেওঁৰ সুৰে একতা, আশা আৰু পৰিচয়ৰ অনুপ্ৰেৰণা যুগাই থাকিব বুলি উল্লেখ কৰি এবছুৱে শোকাহত পৰিয়াল, বন্ধুবৰ্গ আৰু কোটি কোটি অনুৰাগীক গভীৰ সমবেদনা জ্ঞাপন কৰিছে।