বিটিআৰৰ ৰাজনীতিত অঞ্জলী দৈমাৰীৰ অভিষেক, কোন সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা?

প্ৰথমবাৰৰ বাবে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অলটাৰ্ণেটিভ পাৰ্টি অফ বড়োলেণ্ডে। বৃহস্পতিবাৰে অঞ্জলী দৈমাৰীৰ নেতৃত্বত গঠন হোৱা দলটোৱে বিটিচি নিৰ্বাচনৰ বাবে ১৭ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-28 at 10.41.24 PM

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অলটাৰ্ণেটিভ পাৰ্টি অফ বড়োলেণ্ডে। বৃহস্পতিবাৰে অঞ্জলী দৈমাৰীৰ নেতৃত্বত গঠন হোৱা দলটোৱে বিটিচি নিৰ্বাচনৰ বাবে ১৭ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে। ইয়াৰে হৰিচিংগা পৰিষদীয় সমষ্টিৰ পৰা প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ড০ অঞ্জলী দৈমাৰীয়ে। উল্লেখযোগ্য যে, ড০ অঞ্জলী দৈমাৰী এডিএফবি নেতা ৰঞ্জন দৈমাৰীৰ ভগ্নী।

দলটোৱে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত প্ৰাৰ্থিত্ব লাভ কৰিছে-

পৰ্বতঝোৰা- জগদীশ বসুমতাৰী
শ্ৰীৰামপুৰ- অলচেন কুমাৰ কিছকু
কচুগাওঁ- প্ৰদীপ কুমাৰ ব্ৰহ্ম
ডতমা- শীলা বসুমতাৰী
বাওখুংগ্ৰী- উডানংশ্ৰী নাৰ্জাৰী
চিৰাং দুৱাৰ- নাইশ্ৰাং ৱাৰী
নিচিমা- জীৰেণ বসুমতাৰী
শালবাৰী- অনিল ব্ৰহ্ম
মুছলপুৰ- নিৰণ দৈমাৰী
বাগানপাৰা- ধ্ৰুৱজীত বসুমতাৰী
নাগ্ৰীজুলি- ৰবীন্দ্ৰ ব্ৰহ্ম
গাইবাৰী- প্ৰদীপ ৰাভা
শুক্লাই চেৰফাং- নৈবেন্দ্ৰ বড়ো
গোৰেশ্বৰ- কুশল বড়ো
হৰিচিংগা- ড০ অঞ্জলী প্ৰভা দৈমাৰী
ধনশ্ৰী- হুনুক দৈমাৰী
ভৈৰৱকুণ্ড-বি দৈমাৰী

বিটিআৰ