আৰামদায়ক যাত্ৰা! অসমৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ শ্লীপাৰ...

কামাখ্যা-হাওৰাৰ মাজত চলিব প্ৰথমখন শয়ন শ্ৰেণীৰ বন্দে ভাৰত এক্সপ্ৰেছ। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্লেগ অফ কৰিব এই বিশেষ ৰেলখনৰ। উল্লেখ কৰা প্ৰয়োজন যে,  সপ্তাহত

author-image
Asomiya Pratidin
New Update
new ap web 1 (44)

ডিজিটেল ডেস্কঃ  কামাখ্যা-হাওৰাৰ মাজত চলিব প্ৰথম খন শয়ন শ্ৰেণীৰ বন্দে ভাৰত এক্সপ্ৰেছ। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্লেগ অফ কৰিব এই বিশেষ ৰেলখনৰ। উল্লেখ কৰা প্ৰয়োজন যে,  সপ্তাহত ৬দিন কামাখ্যা-হাওৰাৰ মাজত চলিব এই বন্দে ভাৰত শ্লীপাৰ।

প্ৰাপ্ত তথ্য অনুসৰি,  ১৪ ঘণ্টাত কামাখ্যা ষ্টেচনৰ পৰা হাওৰা ষ্টেচনত উপস্থিত হ’ব পাৰিব যাত্ৰী। ইয়াৰ লগতে অসমৰ পৰা যাত্ৰা কৰা সময়ত অসমীয়া খাদ্য সম্ভাৰ লাভ কৰিব যাত্ৰীসকলে।  ১৮ জানুৱাৰীত অসমে লাভ কৰিব দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ।

মুঠ ৮২৩জন যাত্ৰীৰ ক্ষমতাৰে ১৬টা দবাৰ ৰেকৰ সৈতে চলাচল কৰিব বন্দে ভাৰত এক্সপ্ৰেছ। ১১টা AC থ্ৰী টায়াৰ, ৪টা AC টু টায়াৰ, এটা প্ৰথম AC দবা থাকিব ইয়াত। উন্নত ছাচপেন্সন ছিষ্টেমৰ সৈতে আৰামদায়ক ভ্ৰমণৰ সুবিধা লাভ কৰিব যাত্ৰীসকলে।  ৰে’লখনত থাকিব স্বয়ংক্ৰিয় ৰে’ল কবচেৰে সজ্জিত সুৰক্ষা ব্যৱস্থা।

বন্দে ভাৰত এক্সপ্ৰেছ বন্দে ভাৰত শ্লীপাৰ