/asomiyapratidin/media/media_files/2026/02/25/iuiui-2026-02-25-21-53-48.jpg)
ডিজিটেল সংবাদ, অভয়াপুৰীঃ বিদ্যালয়ত শিক্ষক - কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি সন্দৰ্ভত কঠোৰ হৈ পৰিছে অভয়াপুৰীৰ শিক্ষা বিভাগ। নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত কালি উত্তৰ শালমাৰা মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকে একেখন বিদ্যালয়ৰ ৭ জনকৈ শিক্ষক আৰু কৰ্মচাৰীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।
উপ- পৰিদৰ্শক গৰাকীয়ে জাননীখনত উল্লেখ কৰা অনুসৰি কালি বিদ্যালয় সমূহৰ উপ- পৰিদৰ্শক গৰাকীয়ে মহকুমাৰ গাৰো বাপ্টিষ্ট ইউনিয়ন এম ই স্কুল নামৰ বিদ্যালয় খন অকষ্মাত পৰিদৰ্শন কৰিছিল। পুৱা ৯ বজাৰ পৰা ৯- ৩০ বজালৈ কৰা এই পৰিদৰ্শন কালত বিষয়াজনে বিদ্যালয়ৰ কোনো এজন শিক্ষক বা অনা শৈক্ষিক কৰ্মচাৰীক বিদ্যালয়ত উপস্থিত থকা প্ৰত্যক্ষ নকৰিলে।
ইয়াৰ পিছতেই উপ- পৰিদৰ্শক গৰাকীয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষক লুথাৰচন এম চাংমা, শিক্ষক সূভদ্ৰা অগিটক, পৱিত্ৰ খাখলাৰী, জয় প্ৰসাদ,প্ৰদৰ্শিকা ডেকা,শ্ৰিজানা দেবী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী স্বদেশ সৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। উপ- পৰিদৰ্শক গৰাকীয়ে শিক্ষক কৰ্মচাৰী কেইজনক তিনিটা কাৰ্যদিনৰ ভিতৰত বিদ্যালয় সমূহৰ উপ- পৰিদৰ্শকৰ কাৰ্যালয়ত লিখিত ভাবে কাৰণ দাখিল কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
ইপিনে বিদ্যালয় খনৰ শিক্ষক পবিত্ৰ খাখলাৰীয়ে জনোৱা মতে তেওঁ কালি নৈমিত্তিক ছুটি লৈছিল আৰু ছুটিৰ আবেদন শিক্ষাসেতু এপত আপলোড কৰিছিল। আনহাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনেও নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত হৈছিল যদিও উপস্থিতিৰ বহীত স্বাক্ষৰ কৰা নাছিল বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us