অভিষেকৰ দুৰ্দান্ত শতক! জেপত কিয় লৈ ফুৰিছিল সেই বিশেষ কাগজখন...

আই  পি এলত অতিকৈ শক্তিশালী প্ৰদৰ্শন কৰি আছে চানৰাইৰ্জাছ হায়দৰাবাদে। যোৱা ১২এপ্ৰিলত পাঞ্জাৱ কিংগছৰ বিৰুদ্ধে হায়দৰাবাদৰ দলটোৰ দুৰ্দান্ত বেটিঙে

author-image
Asomiya Pratidin
New Update
new ap web 4 (5)োৱপগ

ডিজিটেল ডেস্কঃ এই বৰ্ষৰ আই  পি এলত অতিকৈ শক্তিশালী প্ৰদৰ্শন কৰি আছে চানৰাইৰ্জাছ হায়দৰাবাদে। যোৱা ১২এপ্ৰিলত পাঞ্জাৱ কিংগছৰ বিৰুদ্ধে হায়দৰাবাদৰ দলটোৰ দুৰ্দান্ত বেটিঙে সকলো ক্ৰীড়াপ্ৰমীৰ হৃদয় জয় কৰিলে। এই মেচখনত চানৰাইৰ্জাছ হায়দৰাবাদৰ অপেনিং বেটছমেন অভিষেক শৰ্মাৰ বেটিঙে সকলোকে চমকিত কৰি তোলে। 

Advertisment

পাঞ্জাৱ কিংগছৰ বিৰুদ্ধে খেলা এই মেচখনত অভিষেক শৰ্মাই ৫৫টা বলত ১৫৫ৰাণৰ ইনিংছ খেলে। অভিষেক আৰু হেডৰ দুৰ্দান্ত বেটিঙৰ বাবে দুই অভাৰ বাকী থকোতেই পাঞ্জাৱে বান্ধি দিয়া ২৪৬ৰাণৰ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰে হায়দৰাবাদে।

আই পি এলত দুৰ্দান্ত শতক অৰ্জন কৰাৰ পাছত অভিষেক শৰ্মাই জেপৰ পৰা এটুকুৰা কাগজ উলিয়াই এই ইনিংছৰ আনন্দ উদযাপন কৰে। এই সৰু কাগজটুকুৰাত লিখা আছিল যে- This one is for Orange Army. অভিষেকে এই কাগজ টুকুৰা কিয় প্ৰদৰ্শন কৰিলে তাৰ ৰহস্য খেলৰ পাছত ভেদ কৰিলে হায়দৰাবাদৰ খেলুৱৈ ট্ৰেভিজ হেডে। 

ট্ৰেভিজ হেডে সদৰি কৰে যে, অভিষেকে এই কাগজ টুকুৰা চলিত আই পি এলৰল প্ৰথমখন খেলৰ পৰাই জেপত লৈ ফুৰিছিল। মই সুখী যে, তেওঁ এই কাগজটুকুৰা ৬নং মেচখনত দেখাবলৈ সক্ষম হল। তেওঁৰ প্ৰদৰ্শনত আমি সকলো সুখী। 

প্ৰণিধান যোগ্য যে,  যোৱা শনিবাৰৰ মেচখনত পাঞ্জাৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০অভাৰত ৬উইকেট হেৰুৱাই ২৪৫ৰাণ সংগ্ৰহ কৰিছিল। প্ৰথমে এই লক্ষ্য হায়দৰাবাদৰ বাবে কঠিন হব বুলি ভৱা হৈছিল যদিও অভিষেক আৰু হেডৰ বেটিঙে পাঞ্জাবক হেলাৰঙে পৰাস্ত কৰে চানৰাইজাৰ্ছ হায়দৰাবাদে। 

আই পি এল